নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত যান–বাহন খণ্ডত ক্ষতি ১ লাখ কোটি টকা

কেন্দ্রই জিএছটি হেৰুৱাব ২৮ হাজাৰ কোটি, ৰাজ্যই ১৪ হাজাৰ কোটি

নিয়মীয়া বাৰ্তা, ২মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে দেশজুৰি ৪৫দিনীয়া লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব যাব–বাহন খণ্ডৰ৷ ৪৫দিনীয়া লকডাউনত যান–বাহনৰ উৎপাদনৰ সমান্তৰালকৈ বিক্রী বন্ধ থকাৰ ফলত খণ্ডটোৱে ১ লাখ কোটি টকা লোকচানৰ সন্মুখীন হ’ব৷ তথ্য মতে উদ্যোগটোৱে প্রতিদিনে ২৩০০ কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈছে ৷ যোৱা ২৫ মার্চৰ পৰা ৩ মে’লৈকে যান–বাহন উদ্যোগৰ উৎপাদন আৰু বিক্রী বন্ধ হৈ আছে৷ আনহাতে, কিছুসংখ্যক যান–বাহন উৎপাদন উদ্যোগ যোৱা ২০ মার্চৰ পৰাই বন্ধ হৈছিল৷ এই ৪৫দিনীয়া বন্ধত উৎপাদন আৰু বিক্রী সম্পূর্ণ বন্ধ হৈ পৰাত চৰকাৰেও জি এছ টি হেৰুৱাব ২৮ হাজাৰ কোটি টকাতকৈ অধিক৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ আন ১৪,০০০ কোটি টকাৰ কৰ হেৰুৱাব৷ উল্লেখ্য যে যান–বাহন খণ্ডৰ প্রতি নামি অহা শংকা আঁতৰোৱাৰ লক্ষ্যৰে কিছুসংখ্যক মটৰ কোম্পানীক চৰকাৰে উৎপাদন কাৰখানা পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিছে যদিও গ্রাহকৰ চাহিদা, শ্ব’ ৰুম বন্ধ আদিৰ বাবে কোম্পানীসমূহে উৎপাদনত আগ্রহ প্রকাশ কৰা নাই৷ ৩ মে’ৰ পিছত দেশৰ পৰিস্থিতি কোন দিশে আগবাঢ়ে তাৰ প্রতি লক্ষ্য ৰাখিহে মটৰ কোম্পানীসমূহে উৎপাদনৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, ২০১০ চনৰ পিছত যান–বাহনৰ বিক্রী চলিত বর্ষটোত সর্বনিম্ন হোৱাৰ সম্ভাৱনা আছে৷

You might also like