আজিৰে পৰা মাজুলী-যোৰহাটৰ মাজত ফেৰীসেৱা আৰম্ভ
নিয়মীয়া বাৰ্তা, ৫ মেঃ আজিৰে পৰা যোৰহাট আৰু মাজুলীৰ মাজত পুনৰ ফেৰীসেৱা আৰম্ভ। ব্ৰহ্মপুত্ৰৰ বুকুৰে ফেৰী চলাচলৰ অনুমতি প্ৰদান কৰিলে মাজুলী প্ৰশাসনে। ৫০ শতাংশ যাত্ৰী লৈ ২টা পাৰঘাটত চলিব পাৰিব ফেৰী। দক্ষিণ পাৰৰ কমলাবাৰী, নিমাতীঘাট অফলামুখ-নিমাতীঘাটৰ মাজত চলিব ফেৰী। উত্তৰপাৰৰ সংযোগী ফেৰীসেৱা সদ্যহতে বন্ধ ৰখা হৈছে। ৫০ শতাংশ যাত্ৰীলৈ ইতিমধ্যে দুখন ফেৰী ৰাওনা হৈছে। ফেৰীসমূহত ৰখা হৈছে হেণ্ড ছেনীটাইজাৰ লগতে প্ৰতিজন যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। বিগত ৪৫দিন ধৰি বন্ধ হৈ আছিল ফেৰীসেৱা।