উত্তৰ কোৰিয়াত আছে কিম জং–উনৰে সাদৃশ্য অন্য নেতা
নিয়মীয়া বাৰ্তা, ৭ মে’ : কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে ২০ দিন ধৰি ৰাজহুৱা জীৱনৰ পৰা আত্মগোপন কৰি থকাৰ পাছত পুনৰ আত্মপ্রকাশেৰে বিশ্ববাসীৰ সন্মুখত ৰহস্যৰ সৃষ্টি কৰা সময়তে ব্রিটেইনৰ এগৰাকী প্রাক্তন সাংসদে উল্লেখ কৰিছে যে দুজন কিম জং–উন আছে৷
প্রাক্তন সাংসদ লুইছ মেনছে উল্লেখ কৰা অনুসৰি হঠাতে এক সাৰ কাৰখানা মুকলিৰ সময়ত আত্মপ্রকাশ কৰা কিমৰ শৰীৰৰ সৈতে পূর্বৰ কিম জং–উনৰ শৰীৰৰ বিভিন্ন অংগৰ পার্থক্য আছে৷ এইক্ষেত্রত কিমৰ দাঁতৰ পার্থক্য থকা বুলি দেখুৱাইছে প্রাক্তন সাংসদগৰাকীয়ে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে মেনছে কিমৰ এই আলোকচিত্র মুকলি কৰি দি কৈছে যে হিটলাৰ, ছাদ্দাম হুছেইন, ষ্টেলিনৰ দৰে শাসকসকলে নিজৰ কার্যকালত চেহেৰাৰ সাদৃশ্য থকা ‘ডামি’ ব্যৱহাৰ কৰিছিল৷ কিম জং–উনেও নিজৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা লোকক ব্যৱহাৰ কৰি আহিছে বুলি সন্দেহ কৰিছে মেনছে৷
পূর্বৰ কিমৰ সৈতে শেহতীয়াকৈ ৰাজহুৱা অনুষ্ঠানত দেখা কিমগৰাকীৰ দাঁত, কাণ তথা বাহু আদিৰ বৈসাদৃশ্য থকা বুলি দাবী কৰিছে মেনছে৷ এই বিষয়টোক লৈ এতিয়া ব্রিটেইনৰ সংবাদ মাধ্যমত চলিছে সৰৱ চর্চা৷ অৱশ্যে শেহতীয়াকৈ দক্ষিণ কোৰিয়াই কিম জং–উন কোনোধৰণৰ অস্ত্রোপচাৰৰ সন্মুখীন হোৱা নাই বুলি ঘোষণা কৰিছে৷ ২০ দিন ধৰি কিম সংবাদ মাধ্যমৰ পৰা নিখোজ হৈ থকা সময়তে বিশ্বৰ কেইবাখনো দেশত নেতাগৰাকীৰ হূদযন্ত্রৰ অস্ত্রোপচাৰ হোৱা নাইবা মৃত্যুৰ প্রচাৰ চলিছিল৷