নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী আৰক্ষীয়ে বন্ধ কৰিলে দুই ফার্মাচী

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে দিয়া নীতি–নির্দেশনা একাংশ নাগৰিকে উলংঘা কৰাৰ পৰিণতিত জালুকবাৰী আৰক্ষীয়ে আজি মালিগাঁও চাৰিআলিত দুখনকৈ ফার্মাচী বন্ধ কৰি দিয়ে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে নাগৰিকৰ সুবিধাৰ বাবে জৰুৰীকালীন সেৱাৰ অধীনৰ ফার্মাচীসমূহ খোলা ৰখাৰ ক্ষেত্রত কোনো বাধ্যবাধকতা আৰোপ কৰা নাছিল৷ সেই অনুসৰি মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চ’কত থকা ‘ৱেষ্টার্ন ফার্মাচী’ আৰু ‘কিউৰ অল মেডিক’জ’ নামৰ ফার্মাচী দুখনে লকডাউনৰ মাজতো সেৱা আগবঢ়াই আহিছিল৷ কিন্তু ফার্মাচী দুখনত ঔষধ ক্রয় কৰিবলৈ অহা একাংশ নাগৰিকে সামাজিক দূৰত্ব বজাই নাৰাখি ভিৰ কৰি আহিছিল৷

ফার্মাচী দুখনৰ কর্মচাৰীয়ে গ্রাহকসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই অহাৰ লগতে ফার্মাচীৰ সন্মুখত ৰছী বান্ধি এক মিটাৰ আঁতৰে আঁতৰে বৃত্ত আঁকি দিছিল৷ কিন্তু ঔষধ ক্রয় কৰিবলৈ অহা লোকসকলে সকলো নীতি–নির্দেশনা, আহ্বানক ভেঙুচালি কৰি ফার্মাচীত ভিৰ কৰাৰ লগতে পদপথো একপ্রকাৰ বন্ধ কৰি পেলায়৷ যাৰ বাবে আজি জালুকবাৰী আৰক্ষীয়ে ফার্মাচী দুখনত উপস্থিত হৈ দুয়োখন ফামার্চী সাময়িকভাৱে বন্ধ কৰি দিয়ে৷ বিভিন্ন প্রয়োজনীয় ঔষধ সহজতে উপলব্ধ হোৱা ফার্মাচী দুখন বন্ধ হোৱাত বহু লোক অসুবিধাৰ সন্মুখীন হ’ব৷

You might also like