নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪.৭ শ কোটি ডলাৰ পুঁজিৰ প্রয়োজন ৰাষ্ট্রসংঘক

নিয়মীয়া বাৰ্তা, ৮ মে’ : মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ ৰাষ্ট্রসংঘই বিভিন্ন দেশক নতুনকৈ ৪.৭ শ কোটি ডলাৰ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে৷ উল্লেখনীয় যে শেহতীয়াকৈ বেনিন, জিবুটি, লাইবেৰিয়া, ম’জাম্বিক, পাকিস্তান, ফিলিপাইনছ, ছিয়েৰা লি’ন, ট’গো আৰু জিম্বাব’ৱে ক’ৰোনাৰ দ্বাৰা ভয়াৱহভাৱে আক্রান্ত দেশ হিচাপে চিহ্ণিত হৈছে৷ গতিকে কোটি কোটি লোকৰ জীৱন এই দেশবোৰত ৰক্ষা কৰাৰ ক্ষেত্রত অধিক পুঁজিৰ প্রয়োজন হৈছে৷

সেয়ে আর্থিকভাৱে বিধ্বস্ত হৈ থকা সংঘর্ষজর্জৰ তথা অতি দুখীয়া ৰাষ্ট্রসমূহক ভয়াৱহ এই মহামাৰীৰ সময়ত সহায় কৰিবলৈ বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে সকলো সদস্য দেশকে সাহায্য পুঁজি আগবঢ়োৱাৰ আহ্বান জনাইছে৷ স্মর্তব্য যে যোৱা ২৫ মার্চত গোলকীয় মানৱীয় সাহায্য আঁচনিলৈ ২০০ কোটি ডলাৰ আগবঢ়োৱাৰ বাবে বিশ্ববাসীক আবেদন জনাইছিল ৰাষ্ট্রসংঘই৷

শেহতীয়াকৈ দুখীয়া দেশসমূহৰ অর্থনীতিত প্রতিকূল প্রভাৱ পৰা বিষয়টোত গুৰুত্ব আৰোপ কৰিছে৷ এই দেশবোৰত ক’ৰোনাৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা নাই বুলি ঘোষণা কৰিছে ৰাষ্ট্রসংঘই৷ গতিকে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ দেশবোৰক তাৎক্ষণিকভাৱে সাহায্য প্রদান কৰাৰ প্রয়োজন হৈ পৰিছে বুলি মন্তব্য আগবঢ়াইছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ কেইবাগৰাকীও বিষয়ববীয়াই৷

You might also like