নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াৰ বিমানত সন্তান প্রসৱ মহিলাৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : ক’ৰোনা ভাইৰাছ প্রতিৰোধী লকডাউনৰ মাজতে নাইজেৰিয়াৰ সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ পৰা দেশখনৰ নাগৰিককেইগৰাকীমা ওভতাই অনা বিমান এখনত মহিলা এগৰাকীয়ে সন্তান প্রসৱ কৰা ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ বিমানখনে ডুবাইৰ পৰা উৰা মৰাৰ ৩০ মিনিট পাছতে মাজ আকাশত এটি পুত্র সন্তান জন্ম দিয়ে কাফায়াট আমুছান নামৰ মহিলাগৰাকীয়ে৷

তাৎক্ষণিকভাৱে বিমানখন ডুবাই বন্দৰলৈ ওভতাই নিয়া হয়৷ ডুবাই বন্দৰত বিমানখন অৱতৰণ কৰাৰ পাছতে মাতৃ আৰু নৱজাতকক এখন হাস্পতালত ভর্তি কৰে বন্দৰ কর্তৃপক্ষই৷ হাস্পতাল সূত্রই সদৰী কৰা অনুসৰি কুশলে আছে মাতৃ আৰু নৱজাতক৷ হাস্পতালে শিশুটিৰ জন্মৰ প্রমাণ–পত্র আৰু অন্যান্য প্রয়োজনীয় ভ্রমণ নথি আগবঢ়োৱাৰ পাছতহে নৱজাতকৰ সৈতে আমুছানে নাইজেৰিয়ালৈ উভতিব৷

স্মর্তব্য যে আৰব ৰাষ্ট্রসমূহৰ লগতে বিভিন্ন স্থানত আবদ্ধ হৈ থকা দেশৰ নাগৰিকসকলক গৃহভূমিলৈ ওভতাই আনিবলৈ লৈছে নাইজেৰিয়াই৷

You might also like