বিশ্বজুৰি ক’ৰোনাত আক্রান্ত ৯০ সহস্রাধিক স্বাস্থ্যকর্মী
নিয়মীয়া বাৰ্তা, ৮ মে’ : ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত প্রথমশাৰীৰ যোদ্ধা হৈছে বিশ্বৰ অসংখ্য স্বাস্থ্যকর্মী৷ ক’ৰোনা ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়ত বিশ্বজুৰি ৯০ সহস্রাধিক স্বাস্থ্যকর্মী এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই তথ্য৷
আগন্তুক দিনত ক’ৰোনা ৰোগীক সেৱা আগবঢ়োৱা লক্ষাধিক স্বাস্থ্যকর্মী পুনৰ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ আশংকা আছে বুলিও সংস্থাটোৱে সদৰী কৰিছে৷ স্মর্তব্য যে এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত ৰোগীক চিকিৎসা কৰাৰ সময়ত বহু দেশত সুৰক্ষা সামগ্রী লাভ কৰাৰ পৰা বঞ্চিত হৈছে স্বাস্থ্যকর্মীসকল৷ শেহতীয়াকৈ নার্ছৰ আন্তর্জাতিক পৰিষদেও অনুৰূপ অভিযোগ আনিছে৷ আন্তর্জাতিক পৰিষদৰ তথ্য অনুসৰি, বিশ্বজুৰি এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা ২৬০গৰাকীতকৈ অধিক নার্ছ আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ গতিকে নার্ছৰ এই সংস্থাটোৱে বিভিন্ন দেশৰ চৰকাৰক স্বাস্থ্যকর্মীসকলৰ জীৱন ৰক্ষাৰ বাবে বিশেষ গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে৷
বিশেষকৈ ক’ৰোনা ৰোগীক চিকিৎসাৰ সময়ত সকলো সুৰক্ষা কৱচ স্বাস্থ্যকর্মীসকলে পোৱাটো নিশ্চিত কৰিবলৈ দাবী জনাইছে সংস্থাটোৱে৷