বিশাখাপট্টনমত ভূপালৰ পুনৰাবৃত্তি
নিয়মীয়া বাৰ্তা, ৮ মে’ : ক’ৰোনা ভাইৰাছে বিশ্বজুৰি কোটি কোটি লোকৰ জীৱন–যাপন দুর্বিষহ কৰি তুলিছে৷ এনে অভূতপূর্ব ভয়াৱহ পৰিস্থিতিৰ মাজতে বিশাখাপট্টনমৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত গেছ নির্গমন কাণ্ডটোৱে দেশখনৰ প্রান্তে প্রান্তে জনসাধাৰণৰ বুকু কঁপাই তুলিছে৷ কি যে এক অবর্ণনীয় বিপর্যয় পুৱতিনিশাৰ পৰা অসহ্য যন্ত্রণাত ছটফটাই শ শ লোক ৰাজপথলৈ ওলাই দৌৰ মাৰিছে৷ চেতনা হেৰুৱাই পথতে বাগৰি পৰিছে অনেক৷ মাথোঁ কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ লোক অসুস্থ হৈ পৰিছে৷ এতিয়ালৈকে ভেণ্টিলেটৰত ৰাখিবলগীয়া হৈছে প্রায় এশজনক৷ অসুস্থৰ সংখ্যা প্রায় পাঁচ হাজাৰ৷ ঘটনাটোৱে ৩৫ বছৰ পূর্বে ১৯৮৪ চনৰ ৩ ডিচেম্বৰত ভূপালত সংঘটিত অকল্পনীয় ঘটনাটো বহুজনক মনত পেলাই দিছে৷ মাজনিশা ইডনিয়ন কার্বাইড ইণ্ডিয়াৰ টেংকিৰ পৰা নির্গত বিষাক্ত গেছে নিমিষতে হাজাৰ হাজাৰ লোকৰ প্রাণ আঁজুৰি নিছিল৷ অগণিত লোক চিৰজীৱনলৈ পংগু হৈ পৰিছিল৷ বিশাখাপট্টনমৰ কাণ্ডটোৰ কু–প্রভাৱ কিমান গভীৰ অথবা ভয়ানক হ’ব, সেইটো অদ্যাপি ঠাৱৰ কৰিব পৰা অৱস্থাত নাই৷ কিন্তু দক্ষিণ কোৰিয়াৰ অগ্রণী ঔদোগিক প্রতিষ্ঠান এল জি কেমৰ বিশাখাপট্টনমৰ গোপালপট্টনমস্থিত কাৰখানাটোৱে ডৎপাদন কৰা ষ্টাইৰিন নামৰ গেছবিধো মাৰাত্মক৷ ইয়ে মানৱ দেহৰ কেন্দ্রীয় শ্বাস–প্রশ্বাস ব্যৱস্থাত পোনে পোনে আক্রমণ কৰে৷ তদুপৰি, চকু, ছালকে ধৰি শৰীৰৰ বিভিন্ন অংগ–ংশত ইয়াৰ প্রভাৱ পৰে৷ চকু জ্বলা–পোৰা কৰা, বমি অহা, মূৰ ঘূৰোৱা আদিয়ে মানুহক মুহূর্ততে লেবেজান কৰি তোলে৷
কিন্তু প্রশ্ণ ডঠে, এনে ধৰণৰ কাণ্ড কিয় বাৰে বাৰে সংঘটিত হয়? যিবোৰ ডদ্যোগ–কাৰখানাত মানৱ তথা জীৱ–জন্তুৰ বাবে ক্ষতিকাৰক সামগ্রী, ৰাসায়নিক পদার্থ ডৎপাদন হয়, সেইবোৰত চৰকাৰী বিধি অনুসৰি যথেষ্ট সুৰক্ষামূলক ব্যৱস্থা কৰিব লাগে৷ কিন্তু ভূপালৰ কাণ্ডটোৰ দৰে বিশাখাপট্টনমতো দেখা গৈছে ভয়ংকৰ গাফিলতি৷ এইখিনিতে ডল্লেখ কৰিব পাৰি যে এল জি পলিমাৰ ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ কাৰখানটো ২৪ মার্চ অর্থাৎ প্রথম পর্যায়ৰ লকডাডন ঘোষণাৰ দিন ধৰি বন্ধ হৈ আছিল৷ ৭ মে’ত কাৰখানাটো পুনৰ মুকলি কৰাৰ পিছতে ঘটনাটো সংঘটিত হয়৷ ইয়াক দুর্ঘটনা আখ্যা দিলে ঘটনাটোত ইতিমধ্যে প্রাণ হেৰুওৱা আৰু অসুস্থ হৈ পৰা লোকসকলৰ প্রতি চৰম অন্যায় কৰা হ’ব৷ অৱশ্যে ৰাজ্যখনৰ ডদ্যোগ বিভাগৰ মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কাৰখানাটোৰ কর্তৃপক্ষৰ হেমাহিক জগৰীয়া কৰি বক্তব্য প্রদান কৰিছে৷ তেওঁৰ মতে, পুনৰ মুকলিৰ ক্ষেত্রত কাৰখানাটোৰ কর্তৃপক্ষই পদ্ধতি আৰু নিয়মাৱলীক সঠিক ৰূপত অনুসৰণ কৰা নাছিল৷ তদুপৰি, স্বৰূপ ৰাণী নামৰ এগৰাকী শীর্ষস্থানীয় আৰক্ষী বিষয়াই ‘এ এন আই’ নামৰ সংবাদ প্রতিষ্ঠানটোক জনোৱা মতে, লকডাডনৰ বাবে কাৰখানাটো অৱহেলিতভাৱে ৰখা হৈছিল৷ অর্থাৎ এতিয়ালৈকে প্রাপ্ত বিভিন্ন সূত্রৰ তথ্যৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে কাৰখানা কর্তৃপক্ষৰ চৰম হেমাহিৰ বাবে তিনি কিলোমিটাৰ ব্যাসার্ধৰ জনসাধাৰণে অবর্ণনীয় বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল৷ এইটো সাধাৰণ কথা নহয়৷ মাৰাত্মক অপৰাধ৷ এনে অপৰাধীক আইনৰ গণ্ডীলৈ আনি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে৷ কাৰখানাটোৰ মালিক য’ৰেই নহওক কিয়, মানুহৰ জীৱনৰ সৈতে এইদৰে মৰণৰ খেলা পতা কোনো লোককে সাৰি যাবলৈ দিব নালাগে৷ ভাৰতবাসীয়ে ইয়াৰ পূর্বে ভূপাল গেছ ড্রেজেডী দেখিছে৷ কিদৰে হাজাৰ হাজাৰ মানুহৰ অমূল্য জীৱনটো বিষাক্ত গেছে আঁজুৰি নিছে৷ পৰৱর্তী সময়ত ইয়াৰ দীর্ঘকালীন প্রতিক্রিয়াৰ ৰূপো দেখিছে৷ লগতে দেখিছে, কাণ্ডটোৰ বিচাৰৰ নামত বছৰ বছৰ ধৰি চলা চৰম ভেঁকো–ভাওনা৷ এই কলংকিত ইতিহাসৰ পুনৰাবৃত্তি যেন নহয়, দেশবাসীয়ে তাকেই বিচাৰিব৷ লগতে এইটো নিশ্চিত কৰিব লাগে যে এইধৰণৰ ঘটনা যেন পুনৰ নঘটে৷ এইক্ষেত্রত চৰকাৰ অধিক কঠোৰ হোৱাৰ আৱশ্যক আছে৷ মূল কথাটো হ’ল, মানুহৰ জীৱনৰ সৈতে কোনেও যেন এইদৰে হেতালি খেলিব নোৱাৰে, এইটো নিশ্চিত হ’বই লাগিব৷ আজি সমগ্র দেশখনে অমূল্য মানৱ জীৱন বচোৱাৰ বাবেই লকডাডনৰ লগতে বিভিন্ন সতর্কতামূলক ব্যৱস্থাৰে চলি আছে৷ ডদ্যোগ, বেহা–বেপাৰ, যাতায়াত আদি সকলো স্থবিৰ কৰি ৰখা হৈছে৷ চৰকাৰে যিধৰণৰ গুৰুত্ব দি ক’ভিড–১৯ৰ পৰা মানৱ জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বার্থত ইমানখিনি ত্যাগৰ পথ হাতত লৈছে, একেই আন্তৰিকতা আৰু সেৱাৰ মনোভাবেৰে তথা যুদ্ধকালীন তৎপৰতাৰে মানুহক ন্যায় দিব লাগিব৷ অসুস্থসকলৰ চিকিৎসাত তৎপৰ হ’ব লাগিব৷