২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলিব ইণ্ডিগোৰ ৩খন নতুন বিমান
ডিব্রুগড়ৰ পৰা গুৱাহাটীলৈ চলিব বিমান, শিলচৰ–গুৱাহাটীৰ মাজতো চলিব বিমান, দিল্লী–যোৰহাটৰ মাজত চলিব আন এখন বিমান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : উজনিৰ লগতে ডিব্রুগড়বাসীলৈ মুখ্যমন্ত্রীৰ উপহাৰ৷ এতিয়াৰে পৰা পুৱাই ডিব্রুগড়ৰ মোহনবাৰীৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব বিমান৷ মুখ্যমন্ত্রীৰ প্রচেষ্টাত এক দীর্ঘদিনীয়া অভাৱ পূৰণ হ’ল৷
ডিব্রুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই বার্তা দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীয়ে কয় যে ইণ্ডিগোৱে ৩খন নতুন বিমান চলাচলৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি ২০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী–ডিব্রুগড় আৰু ডিব্রুগড়–গুৱাহাটীৰ মাজত পুৱাৰ ভাগত এখন অতিৰিক্ত বিমান চলিব৷ কিন্তু বাকী বিমানসেৱা একেই থাকিব, একেধৰণেই অহা–যোৱা চলিব৷
আনহাতে, ২০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী–শিলচৰ আৰু শিলচৰ–গুৱাহাটীৰ মাজতো পুৱাৰ ভাগত চলিব বিমান৷ একেদৰে দিল্লী আৰু যোৰহাটৰ মাজতো এখন পোনপটীয়া বিমান চলিব৷ তদুপৰি গুৱাহাটী আৰু নবী–মুম্বাইৰ মাজতো অক্টোবৰ–নৱেম্বৰ মাহৰ পৰা আন এখন নতুন বিমান চলাচল কৰিব যদিও চলাচলৰ সঠিক সময় বিমান পৰিবাহী সংস্থাই প্রদান কৰা নাই৷ আনহাতে নিশাৰ ভাগত ডিব্রুগড়ৰ পৰা বিমানসেৱাৰ বাবে জনোৱা অনুৰোধ সন্দর্ভত মুখ্যমন্ত্রীয়ে পৰৱর্তী সময়ত ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়ে৷