নিয়মীয়া বাৰ্তা, ৮ মে’ : চীনৰ য়ুহানত উৎপত্তি হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছে বিশ্বৰ বিভিন্ন দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগতে ভাৰতবৰ্ষতো এই ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে । এই ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰতত ইতিমধ্যে অব্যাহত আছে লকডাউন । এই লকডাউনৰ সময়চোৱাত সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, বৈবাহিক অনুষ্ঠান আদি বন্ধ হৈ পৰে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউন অতি কঠোৰ হোৱা বাবে জৰুৰী সেৱাৰ বাহিৰে বাকী সেৱা সমূহ বন্ধ হৈ পৰে । তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিছু পৰিমাণে শিথিল কৰি দিয়াৰ বাবে দক্ষিণ কামৰূপৰ ছয়গাঁও নোৱাপাৰাৰ ১৭ এপ্ৰিল অনুষ্ঠিত হ’বলগীয়া এখন বিয়া শুকুৰবাৰে সম্পূৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি সম্পন্ন কৰা হয় । ছয়গাঁৱৰ নোৱাপাৰাৰ নিবাসী অম্বিকা প্ৰসাদ দেৱশৰ্মাৰ কনিষ্ঠা কন্যা তথা অসম সচিবালয়ৰ কৰ্মচাৰী ৰুণদেৱী শৰ্মা আৰু শিৱসাগৰৰ নীলমণি মহন্তৰ একমাত্ৰ পুত্ৰ তথা অসম সচিবালয়ৰ কৰ্মচাৰী শুভাশীষ মহন্তৰ বিবাহ চৰকাৰী অনুমতিত সম্পন্ন কৰা হয় । এই বিবাহৰ বাবে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ জিলা প্ৰশাসনৰ পৰা অনুমতি লৈ সম্পাদন কৰা হয় । দৰাৰ পক্ষই ৫০ জন লোকৰ অনুমতি লয় যদিও কইনা ঘৰত ১০ ৰ পৰা ১২ জন লোকহে উপস্থিত হয় । আনহাতে, কইনা ঘৰে প্ৰশাসনৰ পৰা ২০ জন লোকৰ অনুমতি লয় । দৰা ঘৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে চণ্ডিকা দেৱালয়ত নিজৰ কাম সম্পাদন কৰি ছয়গাঁৱৰ নোৱাপাৰা কইনা ঘৰত উপস্থিত হৈ সমাজিক দূৰত্ব বজাই ৰাখি বিবাহ কাৰ্য সম্পন্ন কৰে । চৰকাৰে দিয়া সম্পূৰ্ণ আইন পালন কৰি এই বিবাহ কাৰ্য সম্পন্ন কৰাৰ বাবে সচেতন মহলে দুয়োপক্ষক প্ৰশংসা কৰিছে ।