নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ শতাংশকৈ বৃদ্ধি দেশীয় আৰু বিলাতী সুৰাৰ দাম

নিয়মীয়া বাৰ্তা, ৮ মে: ক’ৰোনা ভাইৰাছৰস আতংকই সমগ্ৰ বিশ্বক স্তব্ধ কৰি ৰখাৰ সময়তে ভাৰতবৰ্ষত তৃতীয় পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত দিয়া হৈছিল কেতবোৰ শিথিলতা । বিশেষকৈ দেশৰ সকলো সুৰা বিপনী খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ ফলত দেশৰ প্ৰতিখন সুৰা বিপনীতে প্ৰতিটো দিনতেই দেখা গৈছিল ব্যাপক ভিৰ ।
দেশৰ প্ৰায়বোৰ ৰাজ্যত সুৰাৰ ক্ষেত্ৰত ক’ৰোনা কৰ আৰোপ কৰাৰ সময়তে শুকুৰবাৰে অসমতো বৃদ্ধি কৰা হ’ল ২৫ শতাংশকৈ দেশীয় আৰু বিলাতী সুৰাৰ মূল্য । শুকুৰবাৰে অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত সুৰাৰ দাম বৃদ্ধিৰ বিষয়টোও আছিল অন্যতম ।
ৰাজ্য চৰকাৰৰ ৰাজকোষ অধিক টনকিয়াল কৰাৰ বাবে অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে আবকাৰী শুল্কৰ ক্ষেত্ৰত নতুন নিৰিখ নিৰ্ধাৰণৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় অসম কেবিনেটত । এই প্ৰস্তাৱত সকলোধৰণৰ দেশীয় আৰু বিলাতী সুৰাৰ ক্ষেত্ৰত ২৫ শতাংশকৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
You might also like