নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰ পৰা ক’ৰোনাত সংক্রমিত হৈছিল দীপিকা নাথ?

মৃত যুৱতীৰ বি বৰুৱা কর্কটৰ চাফাইকর্মী আইতাকে বিক্রী কৰিছিল চাহ–পোকৰি

নিয়মীয়া বাৰ্তা ৯ মেঃ ৰাজধানী চহৰ গুৱাহাটীত একেটা দিনতে তিনিগৰাকী ক’ভিড–১৯ ৰোগী চিনাক্ত হোৱাৰ পাছত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ ক্রমাৎ ৰাজ্যৰ পৰিস্থিতি যে অধিক ভয়াৱহ হ’ব পাৰে, তাৰই ইংগিত দিছে অতি খৰতকীয়াকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই৷ ইয়াৰ মাজতে দীপিকা নাথ নামৰ যুৱতীগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা ঘটনাই অধিক উদ্বিগ্ণ কৰি তুলিছে মহানগৰবাসীক৷ কিয়নো দীপিকাৰ নাছিল কোনো ভ্রমণ বৃত্তান্ত৷ একেদৰে ক’ভিড–১৯ত আক্রান্ত কোনো ৰোগীৰ প্রত্যক্ষ অথবা পৰোক্ষ সংস্পর্শলৈ অহাৰ তথ্যও লাভ কৰা নাই স্বাস্থ্য বিভাগে৷ তদুপৰি যুৱতীগৰাকী যে ক’ভিড–১৯ত আক্রান্ত আছিল, সেয়া মৃত্যুৰ পাছতহে পোহৰলৈ অহাটো আন এক ভয়াৱহতাৰ কাৰণ হৈ পৰিছে৷ এদিন পূর্বে মৃত্যুবৰণ কৰা যুৱতীগৰাকীৰ সংস্পর্শলৈ কোন কোন ব্যক্তি আহিছিল, তাৰ অনুসন্ধান ইতিমধ্যেই আৰম্ভ হৈছে৷ ইয়াৰ লগে লগে পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূর্ণ তথ্য৷ গুৱাহাটীৰ বিৰুবাৰীস্থিত বি বৰুৱা কেঞ্চাৰ প্রতিষ্ঠানৰ হৰিজন কলনীত বাস কৰা আইতাক মালতী বাছফৰৰ ঘৰত মৃত্যুবৰণ কৰিলেও দীপিকা আছিল লখৰাৰ সাওকুছিৰ বাসিন্দা৷

মালতী বাছফৰৰ প্রথম কন্যাৰ সন্তান হৈছে দীপিকা নাথ৷ কিছুদিন পূর্বৰ পৰাই অসুস্থ হৈ আছিল দীপিকা৷ সামান্য জ্বৰৰ লগতে দীপিকা ভৰিৰ বিষত ভুগিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত তেওঁ কাষ চাপিছিল কালাপাহাৰস্থিত ই এছ আই চি হাস্পতালৰ৷ চিকিৎসকে জ্বৰৰ ঔষধ দিয়াৰ লগতে বেলতলাৰ ই এছ আই চি হাস্পতালত চিকিৎসাৰ বাবে পৰামর্শ দিয়ে৷ সেই অনুসৰি সোঁ ভৰিৰ আঁঠুত বিষ হোৱা দীপিকা যোৱা ৫ মে’ত বেলতলাৰ ই এছ আই চি হাস্পতাললৈ গৈছিল৷ এই হাস্পতালত এগৰাকী অস্থি বিশেষজ্ঞই তেওঁৰ চিকিৎসাও কৰিছিল৷ অৱশ্যে বেলতলা ই এছ আই চি হাস্পতাল কর্তৃপক্ষই সদৰী কৰা অনুসৰি চিকিৎসাৰ বাবে যোৱাৰ সময়ত দীপিকাৰ নাছিল জ্বৰ, কাহ৷ ইপিনে, লকডাউন শিথিল কৰাৰ লগে লগে দীপিকা আহিছিল বি বৰুৱা কর্কট প্রতিষ্ঠানৰ আইতাকৰ ঘৰলৈ৷

যোৱা ৪ মে’ত তেওঁ উপস্থিত হৈছিল আইতাক মালতী বাছফৰৰ বাসগৃহত৷ এই সময়ছোৱাতো অসুস্থ আছিল দীপিকা৷ যোৱা ৬ মে’ত দীপিকাৰ ভৰিৰ বিষ বৃদ্ধি পোৱাৰ লগতে বমি আৰু ডায়েৰীয়াত আক্রান্ত হয়৷ ইয়াৰ বাবে আইতাকে দীপিকাক লৈ আহে বি বৰুৱা কর্কট প্রতিষ্ঠানলৈ৷ এগৰাকী চিকিৎসকে দীপিকাৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ লগতে বমি আৰু ডায়েৰীয়াৰ বাবে দুর্বল হৈ পৰাত চেলাইন ল’বলৈ পৰামর্শ দিয়ে৷ সেই অনুসৰি হাস্পতালতে তেওঁক এটা চেলাইন দিয়া হয়৷ সেই সময়ত চিকিৎসকগৰাকীৰ উপৰি তিনিগৰাকী নার্ছৰ সংস্পর্শলৈ আহে দীপিকা৷ চেলাইন লোৱাৰ অন্তত তেওঁ পুনৰ মালতী বাছফৰৰ বাসগৃহলৈ উভতি আহে৷ কিন্তু ৭ মে’ত পুনৰ তেওঁ অধিক অসুস্থ হৈ পৰে৷ জ্বৰ আৰু ভৰিৰ বিষ বৃদ্ধি পোৱাৰ লগতে উশাহ–নিশাহত কষ্ট পোৱা আৰম্ভ কৰে যুৱতীগৰাকীয়ে আৰু সন্ধিয়াৰ ভাগলৈ তেওঁ মৃত্যুক আঁকোৱালি লয়৷ এগৰাকী স্বাস্থ্যৱান গাভৰুৱে আকস্মিকভাৱে অসুস্থ হৈ মৃত্যুবৰণ কৰা বাতৰিত উদ্বিগ্ণতাৰ সৃষ্টি হয় চুবুৰীয়া লোকসকলৰ মাজত৷ লগে লগে সোধা–পোছা কৰাত আইতাক মালতী বাছফৰে যুৱতীগৰাকী জ্বৰত আক্রান্ত হোৱা বুলি চুবুৰীয়াক সদৰী কৰে৷ ইয়াৰ ফলত সকলোৰে মনত দীপিকা ক’ভিড–১৯ত আক্রান্ত হ’ব পাৰে সন্দেহ সৃষ্টি হয়৷ বি বৰুৱা কর্কট প্রতিষ্ঠানৰ তৰফৰ পৰা এই বিষয়ে জি এম চি এইচৰ ক’ভিড–১৯ৰ পৰীক্ষাৰ দায়িত্বত থকা চিকিৎসকক খবৰ দিয়া হয়৷ তেওঁলোকে মৃত যুৱতীগৰাকীৰ নমুনা সংগ্রহ কৰিবলৈ পৰামর্শ দিয়ে৷ তদুপৰি ক’ভিড–১৯ৰ ৰোগীৰ শেষকৃত্যৰ ক্ষেত্রত পালন কৰিবলগীয়া যাৱতীয় নীতি–নিয়ম অনুসৰিয়েহে দীপিকাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷ এই নির্দেশৰ ভিত্তিত দীপিকাৰ শেষকৃত্যৰ সাৱধানতা অৱলম্বন কৰি ভূতনাথ শ্মশানত সম্পন্ন কৰা হয়৷ সমান্তৰালভাৱে কালি নিশা দীপিকাৰ নমুনাৰ পৰীক্ষাত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ লগে লগে সমগ্র প্রতিষ্ঠানখনৰ চৌহদত আতংক সৃষ্টি হয়৷ দীপিকাৰ প্রত্যক্ষ সংস্পর্শলৈ অহা প্রতিষ্ঠানখনৰ ১১জন কর্মচাৰীৰ শ্লেষৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷

লগতে কর্কট প্রতিষ্ঠানখনৰ সমূহ চিকিৎসক–নার্ছ আৰু কর্মচাৰীক কোৱাৰেণ্টাইন হ’বলৈ সংশ্লিষ্ট কর্তৃপক্ষই নির্দেশ দিয়ে৷ বাহিৰত থকা কর্মচাৰীসকলকো আজিৰ ভিতৰত কর্কট প্রতিষ্ঠানত নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হয়৷ একেদৰে বি বৰুৱা কর্কট প্রতিষ্ঠানৰ এগৰাকী চিকিৎসক দুদিন পূর্বে পাঠশালাৰ ঘৰলৈ গৈছিল৷ ইতিমধ্যে তেওঁকো হাস্পতাললৈ আহি পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়া হৈছে৷ একেদৰে এই চিকিৎসকগৰাকীৰ পৰিয়ালকো নিকটৱর্তী ক’ভিড–১৯ পৰীক্ষাৰ ব্যৱস্থা থকা হাস্পতাললৈ যোৱাৰ বাবে পৰামর্শ দিয়া হৈছে৷ লগতে সমগ্র বি বৰুৱা কর্কট প্রতিষ্ঠান কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ সমান্তৰালভাৱে দীপিকাৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়ত ভূতনাথ শ্মশানত উপস্থিত থকা আঠজন লোকক সুৰক্ষাৰ স্বার্থত কোৱাৰেণ্টাইন কৰা হৈছে৷ ইফালে, মৃত যুৱতীগৰাকীৰ আন কেতবোৰ তথ্যয়ো উদ্বিগ্ণ কৰি তুলিছে সাধাৰণ ৰাইজক৷ জানিব পৰা মতে, অসুস্থ অৱস্থাৰে যুৱতীগৰাকী গৈছিল লখৰাৰ বজাৰলৈ৷ তদুপৰি বি বৰুৱা কর্কট প্রতিষ্ঠানৰ হৰিজন কলনীত দীপিকা থকাৰ সময়তে আইতাক মালতী বাছফৰে প্রতিষ্ঠানখনৰ সন্মুখত বিক্রী কৰিছিল কণী, পকৰা, চাহ আৰু পানীৰ বটল৷ ইতিমধ্যে হাস্পতালখনত ভর্তি হৈ থকা কেইবাগৰাকীও কর্কট ৰোগীৰ আত্মীয়ই বাছফৰৰ দোকানৰ পৰা চাহ, পকৰা, কণী আদি ক্রয় কৰি খাইছিল বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ ফলত পৰৱর্তী সময়ত পৰিস্থিতি অধিক ভয়াৱহ হ’ব নেকি বুলি প্রশ্ণ উত্থাপন হৈছে৷ আনহাতে, হৰিজন কলনীৰ একাংশ আৱাসীয়ে সদৰী কৰা অনুসৰি আইতাকৰ সৈতে প্রতিষ্ঠানখনৰ আৱাসিক কলনীত ইফালে–সিফালেও ঘূৰি ফুৰিছিল দীপিকা৷ উল্লেখ্য যে দীপিকা নাথৰ মাতৃ কালাপাহাৰস্থিত এটা ব্যক্তিগত প্রতিষ্ঠানৰ কর্মচাৰী৷ আনহাতে, দীপিকাৰ আইতাক মালতী বাছফৰৰ সৈতে বি বৰুৱা কর্কট প্রতিষ্ঠানৰ বাসগৃহত দুই সন্তানসহ আন এগৰাকী কন্যাই বাস কৰে বুলি জানিব পৰা গৈছে৷

You might also like