নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত ভুক্তভোগী ৰাইজে আবদ্ধ কৰিলে ট্রাক–ডাম্পাৰ পথৰ দুৰৱস্থাঃ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক ব্যৱস্থা গ্রহণৰ দাবী

নিয়মীয়া বাৰ্তা ৯ মেঃ এফালে মহামাৰী ক’ৰোনাৰ বিভীষিকা, আনফালে ৰাজ্যৰ অনগ্রসৰ গ্রামাঞ্চলতবাট–পথ্ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ পথচাৰীক৷ দুই–এজাক বৰষুণতেই এতিয়া ৰাজ্যৰ গ্রামাঞ্চলৰ একমাত্র ভৰসা বহু ৰাজহুৱা পথে বিধ্বস্ত ৰূপ লোৱাত ঠায়ে ঠায়ে ৰাইজৰ ক্ষোভৰ বহিঃপ্রকাশ দেখা পোৱা গৈছে৷ বুধবাৰে তাৰেই যেন এক অনুৰূপ দৃশ্য দেখা পোৱা গ’ল পশ্চিম গুৱাহাটীৰ বৃহত্তৰ ৰাণীত৷ ঐতিহাসিক এই অঞ্চলটোৰ তথা ৩৭নং (গুৱাহাটী–গোৱালপাৰা) ৰাষ্ট্রীয় ঘাইপথৰ সংলগ্ণ বঙৰা–ৰাণী সংযোগী পথৰ দুৰৱস্থাৰ বাবেই আল্লিৱাৰীত ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ–ড্রাক৷ পুখুৰীসদৃশ প্রকাণ্ড প্রকাণ্ড গাঁতৰ বাবেই এতিয়া সাধৰণ পথচাৰীয়ে জীয়াতু ভুগিবলগীয়া হোৱাত বুধবাৰে স্থানীয় ৰাইজ অতিষ্ঠ হৈ পথছোৱা অৱৰোধ কৰে৷ স্কুল–কলেজৰ ছাত্র–ছাত্রীৰ পৰা বজাৰ–হাটলৈ যোৱা পথচাৰীৰ লগতে আনকি জৰুৰীকালীন চিকিৎসালয়লৈ যোৱা ৰোগীয়েও জীয়াতু ভুগিবলগীয়া হয় প্রায়েই৷ একমাত্র ঠিকাদাৰৰ নিম্নমানৰ পকীকৰণ আৰু গধুৰ যান–বাহনৰ অহৰহ চলাচলৰ বাবেই কম দিনৰ ভিতৰত পথৰ এই জৰাজীর্ণ ৰূপ হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ এই সম্পর্কত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ হস্তক্ষেপ বিচাৰি শীঘ্রে পথছোৱা পুনৰ নির্মাণ কৰি ৰাইজৰ বাবে উপযোগী কৰাৰ বাবে আহ্বান জনায় প্রতিবাদী ৰাইজে৷ উল্লেখ্য যে এই বঙৰা–ৰাণী সংলগ্ণ পথছোৱাৰেই ৰাণী হৈ চুবুৰীয়া মেঘালয়ৰ শ্বিলঙলৈ যাব পাৰি৷

You might also like