নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰি পালকক সতর্কতা অৱলম্বনৰ আহ্বান

ছোৱাইন ফ্লুঃ ৰাণীত গাহৰি পাম পৰিদর্শন বিধায়ক কলিতাৰ

নিয়মীয়া বাৰ্তা ৯ মেঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ থলুৱাজাতৰ উন্নত গাহৰি পালনৰ বাবে বিখ্যাত ৰাণী অঞ্চলৰ সজনপাৰা, বাক্রাপাৰা আদি অঞ্চলত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই শুকুৰবাৰে কেইবাখনো ব্যক্তিগত গাহৰিপাম পৰিদর্শন কৰে৷ পৰিদর্শন কালত ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী, ডাঃ ৰাধিকা বড়ো আৰু ডাঃ জলী বৰাই বিধায়কগৰাকীক সংগ দিয়ে৷ আনহাতে বিধায়কগৰাকীয়ে গাহৰি পালকৰ সৈতে পামত মত বিনিময় কৰাৰ লগতে উজনি অসমৰ কেইবাখনো জিলাত দেখা দিয়া ছোৱাইন ফ্লুৰ পৰা কিদৰে গাহৰিবোৰক ৰক্ষা কৰিব পাৰি, তাৰ বাবে পশু চিকিৎসকসকলৰ দিহা–পৰামর্শ মানি চলিবলৈ আহ্বান জনায়৷ তাৰ পিছত ৰাণী আঞ্চলিক পঞ্চায়তৰ উদ্যোগত ৰাণী খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ সভাগৃহত ক’ৰোনা সজাগতা সভাতো ভাগ লয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বর্মনৰ পৌৰোহিত্যত সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত সভাখনত ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্র কুমাৰ হাজৰিকা, পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী, জিলা পৰিষদৰ প্রাক্তন সদস্য ৰবীন দৈমাৰী, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, আঞ্চলিক সদস্যা ৰজিদা বেগম, আজাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্রদীপ দাস, ৰংমন ট্যুৰিজিম ছ’চাইটীৰ কর্মকর্তা প্রমোদ কলিতা, অগপ নেতা চবিন নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়৷ সভাৰ অন্তত বিধায়কগৰাকীয়ে ৰাণীৰ গাহৰি গৱেষণা কেন্দ্রটো পৰিদর্শন কৰে৷

You might also like