নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝি জিনপিঙক প্রশংসা উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা ৯ মেঃ কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনে ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰি সফল হোৱা বাবে প্রতিৱেশী বন্ধু ৰাষ্ট্র চীনক প্রশংসা কৰিছে৷ উল্লেখনীয় যে চীন হৈছে উত্তৰ কোৰিয়াৰ মিত্র ৰাষ্ট্র৷ দেশখনৰ অর্থনীতি চীনৰ ওপৰতে নির্ভৰশীল৷ উত্তৰ কোৰিয়াৰ বিদেশী বাণিজ্যৰ ৯০ শতাংশ চীন নির্ভৰশীল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে গ্রহণ কৰা পদক্ষেপক যুগান্তকাৰী আখ্যা দিছে কিমে৷ নেতাগৰাকীক কিমে প্রশংসাৰে ওপচাই দিয়াৰ উপৰি ক’ৰোনা ভাইৰাছ মহামাৰী নিয়ন্ত্রণত সফল হোৱা একমাত্র দেশ হিচাপে চিহ্ণিত কৰিছে চীনক৷ ইয়াৰ সমান্তৰালকৈ উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীয়ে প্রতিৱেশী দক্ষিণ কোৰিয়াক কঠোৰ সমালোচনা কৰিছে৷ দক্ষিণ কোৰিয়াই চলোৱা সামৰিক অনুশীলনক কঠোৰভাৱে সমালোচনা কৰিছে কিমে৷ লক্ষণীয়ভাৱে দক্ষিণ কোৰিয়াৰ গুপ্তচৰ সংস্থাই ক’ৰোনা ভাইৰাছ মহামাৰীত উত্তৰ কোৰিয়াৰ অর্থনীতি বিধ্বস্ত হোৱা বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ নেতৃত্বাধীন আন্তর্জাতিক নিষেধাজ্ঞাত কেইবাদশক ধৰি উত্তৰ কোৰিয়াৰ অর্থনীতিত সংকট অব্যাহত থকাৰ সময়তে এইবাৰ ক’ৰোনা ভাইৰাছ দেশখনৰ বাবে বিপর্যয়ৰ কাৰণ হৈ পৰা বুলি দক্ষিণ কোৰিয়াই দাবী কৰি আহিছে৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে কিমৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমে প্রতিবেদন প্রকাশ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

You might also like