নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকক জ’ বিডেন

যৌন আতিশয্যৰ অভিযোগ টাৰা ৰীডেৰ

নিয়মীয়া বাৰ্তা ৯ মেঃ মার্কিন ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থিত্বপ্রত্যাশী জ’ বিডেনক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে এগৰাকী মহিলাই৷ ২৭ বছৰ পূর্বে বিডেনে এই মহিলাগৰাকীক যৌন আতিশয্য চলাইছিল বুলি অভিযোগ অনা হৈছে৷ টাৰা ৰীডে নামৰ মহিলাগৰাকীয়ে বিডেনক এই অভিযোগৰ গোচৰত বিচাৰ প্রক্রিয়াৰ সন্মুখীন হ’বলৈ দাবী জনাইছে৷ বিডেনৰ দৰে ব্যক্তি এগৰাকীৰ আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাৰ অধিকাৰ নাই বুলি ৰীডেই অভিযোগ অনাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ লক্ষণীয়ভাৱে বিডেনে পূর্বৰে পৰা ৫৬ বছৰীয়া ৰীডেৰ অভিযোগ অস্বীকাৰ কৰি আহিছে৷ মার্কিন প্রদেশ ডেলাৱাৰেৰ ছিনেটৰ হৈ থকাৰ সময়তে ১৯৯২ চনত ৰীডেই বিডেনৰ সহকাৰী হিচাপে কাম কৰিছিল৷

You might also like