সুৰাৰ চোৰাং সৰবৰাহ বন্ধৰ পদক্ষেপ গ্রহণ মহাৰাষ্ট্রৰ
নিয়মীয়া বাৰ্তা ৯ মেঃ তলাবন্ধৰ সময়ত সুৰাৰ চোৰাং ব্যৱসায় হ্রাস কৰিবলৈ মহাৰাষ্ট্র চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ শেহতীয়াকৈ চৰকাৰে প্রতিৱেশী ৰাজ্যসমূহৰ সৈতে থকা সীমান্ত পথ বন্ধ কৰিও দিছে৷ উল্লেখনীয় যে সীমান্তৰ কেইবাটাও পথত তালাচী চকী স্থাপন কৰি নিৰাপত্তা কর্মীৰ সংখ্যা বৃদ্ধি কৰিছে মহাৰাষ্ট্রৰ উদ্ধৱ থাক্ৰে চৰকাৰে৷ ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে সংবাদ মাধ্যমক জনোৱা অনুসৰি তলাবন্ধৰ সুযোগ লৈ সুৰাৰ চোৰাং ব্যৱসায় চলাই আহিছে অপৰাধী চক্রই৷ দুষৃকতিকাৰী প্রতিৱেশী ৰাজ্যসমূহলৈ গোপনে সুৰা যোগান ধৰি অহা বুলি উল্লেখ কৰিছে এগৰাকী জ্যেষ্ঠ আবকাৰী বিষয়াই৷ স্মর্তব্য যে সীমান্ত পথবোৰ মুকলি হৈ থকাৰ বাবে তলাবন্ধৰ সময়ত অপৰাধী চক্রই সুৰাৰ ছিণ্ডিকেট গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলিও বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে৷ বিগত ৫০ দিনত ৰাজ্যৰ আৰক্ষীয়ে চোৰাংভাৱে সুৰা সৰবৰাহ কৰা ২১০০ লোকক গ্রেপ্তাৰ কৰাৰ উপৰি ১২.০৩ কোটি টকা মূল্যৰ সুৰা জব্দও কৰিছে৷ মুঠ ১২টা তালাচী চকীত সীমান্ত পথত স্থাপন কৰিছে মহাৰাষ্ট্র চৰকাৰে৷