জিএমচিএইচ–বি বৰুৱা কর্কট প্রতিষ্ঠানসহ মহানগৰীৰ ৪ স্থান কনটেইনমেণ্ট জ’ন ঘোষণা
যুৱতীৰ মৃত্যু–৩ ক’ৰোনা পজিটিভে নমাইছে আতংক
নিয়মীয়া বাৰ্তা ৯ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সম্প্রতি সৃষ্টি হৈছে তীব্র আতংক৷ মহানগৰীৰ মাজ মজিয়াত তিনিজন আৰু উপকণ্ঠ অঞ্চল চাংসাৰিৰ এজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি কালি চৰকাৰীভাৱে নিশ্চিত কৰাৰ পাছত স্বাভাৱিকতে উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত শুকুৰবাৰে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে জএমচিএইচ–বি বৰুৱা কর্কট প্রতিষ্ঠানসহ গুৱাহাটীৰ তিনিটাকৈ স্থান কনটেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই তিনিটা অঞ্চলত উপস্থিত হৈ সমগ্র দিশ তদাৰক কৰাৰ লগতে চিকিৎসক, স্বাস্থ্যকর্মী, চিকিৎসক ছাত্র আৰু স্থানীয় লোকৰ সৈতেও এই বিষয়ে বার্তালাপ কৰে৷ উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হোৱা গুৱাহাটীৰ তিনিগৰাকীৰ ভিতৰত এগৰাকী হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ লিথিকেশ৷ দক্ষিণ ভাৰতৰ এইগৰাকী চিকিৎসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্র৷ জি এম চি এইচত ক’ভিড–১৯ স্ক্রীনিঙৰ দায়িত্বত থকা এই চিকিৎসকগৰাকী শেহতীয়াকৈ অসুস্থ হৈ পৰাৰ পাছত শেহতীয়া পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছ পজিটিভ ৰূপে চিহ্ণিত হয়৷
এনে পৰিস্থিতিত ছাত্রগৰাকীয়ে থকা চিকিৎসা মহাবিদ্যালয়ৰ ১নং ছাত্রাৱাসটো কনটেইনমেণ্ট জ’নলৈ নিয়া হয়৷ ডাঃ লিথিকেশে ১নং ছাত্রাৱাসত থকাৰ বিপৰীতে ৫নং ছাত্রাৱাসলৈ আহি আহাৰ গ্রহণ কৰে৷ সেয়ে ৫নং ছাত্রাৱাসটোও কনটেইনমেণ্ট কৰা হয়৷ শুকুৰবাৰে পুৱাৰ ভাগত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে বিভাগটোৰ উচ্চপদস্থ বিষয়াসকল আৰু কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত ছাত্রাৱাসটোত থকা সকলো চিকিৎসক ছাত্রক আৱাসৰ পৰা ওলোৱাত বাধা নিষেধ কৰা হয়৷ তেওঁলোকৰ বাবে আৱশ্যক হোৱা সকলো খাদ্য–সামগ্রী তথা অত্যাৱশ্যকীয় সামগ্রী জিলা প্রশাসনে যোগান ধৰিব৷ আনহাতে, ছাত্রাৱাস দুটাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো প্রশাসনৰ তৰফৰ পৰা ছেনিটাইজ কৰা হয়৷ তদুপৰি শুকুৰবাৰৰ পৰা কার্যকৰী হোৱাকৈ অহা ১০ মে’লৈ জি এম চি এইচৰ বহিঃবিভাগ বন্ধ কৰি দিয়াৰ লগতে নতুন ৰোগীৰ ভর্তিও বন্ধ কৰা হৈছে৷ আনহাতে, ডাঃ লিথিকেশৰ সৈতে সংস্পর্শলৈ অহা চিকিৎসক, স্বাস্থ্যকর্মীকে ধৰি মুঠ ৩৮৬জনক কোৱাৰেণ্টাইন কৰা হৈছে৷ ইয়াৰ ভিতৰত জি এম চি এইচৰ অধীক্ষক ৰমেন্দ্র তালুকদাৰো আছে৷
ইফালে একেই পৰিস্থিতিৰ সৃষ্টি হৈছে বি বৰুৱা কর্কট প্রতিষ্ঠানত৷ প্রতিষ্ঠানখনৰ চৌহদতে বুধবাৰে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছিল দীপিকা নাথ নামৰ কিশোৰীগৰাকীৰ৷ আইতাকৰ সৈতে প্রতিষ্ঠানখনৰ চৌহদৰ আৱাসত থকা অৱস্থাতে মৃত্যু ঘটাৰ বাবে প্রশাসনে কর্কট প্রতিষ্ঠানৰ সমগ্র চৌহদ কনটেইনমেণ্ট জ’নলৈ নিয়ে৷ প্রশাসনে চৌহদটোৰ আৱাসত থকা চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক বাহিৰলৈ ওলোৱাত নিষেধ কৰিছে৷ ২৮ দিনলৈ কোৱাৰেণ্টাইন হৈ থাকিব লাগিব প্রতিষ্ঠানটোৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল৷ কর্কট প্রতিষ্ঠানৰ চৌহদৰ বাহিৰৰ চিকিৎসক আৰু চিকিৎসা কর্মীয়ে এই সময়ছোৱাত বর্তমান চিকিৎসাধীন হৈ থকা ৰোগীক চিকিৎসা সেৱা আগবঢ়াব৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰৰ নিশাই স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বি বৰুৱা কর্কট প্রতিষ্ঠানলৈ ক’ভিড–১৯ সম্পর্কীয় নীতি–নির্দেশনাসমূহ অনুকৰণ কৰিবলৈ দিয়া পৰামর্শৰ ভিত্তিতে সমগ্র চিকিৎসালয়খনৰ প্রৱেশদ্বাৰ বন্ধ কৰি নতুন ৰোগী তথা আন অভিভাৱকৰ প্রৱেশ নিষেধ কৰা হয়৷ বি বৰুৱা কর্কট প্রতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীয়ে এই সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দীপিকা নাথৰ চিকিৎসাৰ সময়ত যিসকল চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মী সংস্পর্শলৈ আহিছিল, তেওঁলোকক ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ স্মর্তব্য যে বি বৰুৱা কর্কট প্রতিষ্ঠানৰ চাফাইকর্মী হিচাপে থকা মালতী বাছফৰৰ ঘৰত থকা অৱস্থাতে জ্বৰত আক্রান্ত হৈছিল কিশোৰীগৰাকী৷ এনে অৱস্থাত আইতাক মালতী বাছফৰে কর্কট প্রতিষ্ঠানখনৰ চিকিৎসকৰ ওচৰলৈ নিছিল দীপিকা নাথক ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে পুৱাৰ ভাগতে কর্কট প্রতিষ্ঠানখনত উপস্থিত হৈ সমগ্র বিষয় পর্যবেক্ষণ কৰাৰ লগতে চিকিৎসক তথা প্রশাসনৰ বিষয়াসকলৰ সৈতেও এই সন্দর্ভত আলোচনা কৰে৷ ইয়াৰ পাছতে প্রশাসনে সমগ্র প্রতিষ্ঠানখনক কনটেইনমেণ্ট কৰিছে৷ ইফালে কর্কট প্রতিষ্ঠানত কর্মৰত ১০জন কর্মচাৰীকো শুকুৰবাৰে ধাৰাপুৰত হোম কোৱাৰেণ্টাইন কৰা হৈছে৷
ধাৰাপুৰ আৰু খনামুখত তিনিগৰাকী কর্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালসহ মুঠ ১০জনক স্বাস্থ্য বিভাগে গৃহ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে৷ জি এম চি এইচ আৰু বি বৰুৱা কর্কট প্রতিষ্ঠানৰ সমান্তৰালকৈ চানমাৰি অমিয় নগৰৰ বাসিন্দা ৰূপে থকা বৰদা দাস নামৰ মহিলাগৰাকী ক’ভিড–১৯ পজিটিভ হোৱাৰ পাছত সমগ্র অঞ্চলটো কনটেইনমেণ্ট কৰা হৈছে৷ আজি পুৱাৰ ভাগতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোত উপস্থিত হৈ ৰাইজক প্রশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়৷ অমিয় নগৰলৈ যোৱা মূল পথতে আজি প্রশাসনে বাঁহ বান্ধি বন্ধ কৰি দিয়াৰ লগতে সাধাৰণ ৰাইজৰ অহা–যোৱা নিষেধ কৰিছে৷ এই সময়ছোৱাত অঞ্চলবাসীৰ আৱশ্যক হোৱা অত্যাৱশ্যকীয় সামগ্রী প্রশাসনে যোগান ধৰিব৷ মন কৰিবলগীয়া যে বৰদা দাসে যোৱা সময়ছোৱাত নিজৰ ছোৱালীৰ ঘৰলৈ গৈ ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ এই সময়ছোৱাত তেওঁ বহুকেইজন লোকৰ সংস্পর্শলৈ অহাৰ লগতে চুবুৰীয়াৰো সংস্পর্শলৈ আহিছিল৷ যাৰ বাবে সমগ্র অমিয় নগৰ কনটেইনমেণ্ট কৰে৷ প্রশাসনে আজি সমগ্র অঞ্চলটো ছেনিটাইজ কৰে৷ গুৱাহাটীৰ তিনিটা স্থানক কনটেইনমেণ্ট জ’নলৈ ৰূপান্তৰ কৰাৰ লগতে কামৰূপ (গ্রাম্য) জিলা প্রশাসনে চাংসাৰিৰ মদনপুৰ এলেকাও আজি কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ উল্লেখ্য যে এই মদনপুৰতেই ভাৰা কৰি আছিল শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হোৱা দেৱৰাজ আচার্যই৷ চাংসাৰিৰ মদনপুৰস্থিত টাটা টী কোম্পানীত কাম কৰা দেৱৰাজ আচার্যই শেহতীয়াকৈ শিলিগুৰিলৈ গৈছিল৷