নিয়মীয়া বাৰ্তা, ৯ মে’ : ৰাজ্যত ক্ৰমাত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত মৃত্যু হোৱা গাহৰিৰ সংখ্যা । পশুপালন বিষয়াৰ প্ৰাপ্ত তথ্য মতে বৰ্তমানলৈকে ৰাজ্যত সৰ্বমুঠ তেৰহাজাৰ তেত্ৰিশটা গাহৰিৰ মৃত্যু হৈছে । পূৰ্বৰ ছয়খন জিলাৰ পৰা মাজুলী, গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাতো গাহৰিৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে । শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ এই তথ্য সদৰী কৰে পশুপালন আৰু কৃষিমন্ত্ৰী অতুল বৰাই ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সঞ্চালক, মহকুমাধিপতি , জিলা পশুপালন বিষয়া আদিৰে বৈঠকত মিলিত হৈ ততালিকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে লগতে সজাগতা সৃষ্টিতো গুৰুত্ব আৰোপ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে । উদ্যানৰ পশুচিকিৎসাৰ দায়িত্বত থকা ডা.দেৱমোহন শইকীয়া নামৰ বন পশুচিকিৎসা বিষয়াগৰাকীক উদ্যান কৰ্তৃপক্ষৰ কৰ্তব্যত অনুপস্থিত থকাৰ লিখিত অভিযোগৰ ভিত্তিত মন্ত্ৰী বৰাই তাৎক্ষণিকভাৱে নিলম্বনৰ কথা ঘোষণা কৰে ।