নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিজ্ঞতাৰ পৰা পোৱা শিক্ষা

মই মোৰ দীঘলীয়া জীৱনৰ বিচিত্র অভিজ্ঞতাৰ পৰা যিকেইটা মূল্যৱান ভাল কথা শিকিছোঁ সেইবোৰৰ ভিতৰত এটা হ’ল এই যে মানুহে সদায় ক্ষণস্থায়ী আনন্দ বা উত্তেজনাতকৈ দীর্ঘস্থায়ী উপকাৰৰ কথা চিন্তা কৰি কাম কৰিব লাগে৷ চিগাৰেট খাই থকাৰ সময়ত মনত নিশ্চয় এটা সুখানুভূতি হয় কিন্তু সি স্থায়ী হয় খুব বেছি ত্রিশ মিনিট৷ কিন্তু তাৰ বিষময় ফল স্থায়ী হয় গোটেই জীৱন৷ অৱশ্যে সি জীৱনটোকো চুটি কৰি পেলায়৷ মদৰ ক্ষেত্রতো সেই একেটা কথাই প্রযোজ্য৷ মানুহে মদ আৰু চিগাৰেট নোখোৱাকৈও থাকিব পাৰে খোৱাবোৰেও তাক ত্যাগ কৰিব পাৰে৷ কিন্তু আহাৰ আমি নমৰালৈকে খাই থাকিবই লাগিব– দিনে অন্ততঃ তিনিবাৰ৷ সেই কাৰণে আহাৰৰ ক্ষেত্রতেই মানুহ আটাইতকৈ বেছি সতর্ক হ’ব লগা হয় ঃ খন্তেকীয়া তৃপ্তিৰ লোভত আমি স্বাস্থ্যৰ ক্ষতি সাধন কৰা আহাৰ খাম, নে জিভাৰ দাবীক প্রশ্রয় নিদি আমি শৰীৰৰ স্থায়ী উপকাৰ সাধিব পৰা আহাৰ খাম? জিভাৰ লোভত আমি শৰীৰৰ প্রয়োজনতকৈ বেছি আহাৰ খাম, নে শৰীৰৰ কথা চিন্তা কৰি যিমান আহাৰ নাখালেই নহয় কেৱল সিমান পৰিমাণৰ আহাৰহে খাম?

কেনেকুৱা আহাৰ খাম আৰু কিমান পৰিমাণৰ আহাৰ খাম, সেইটো আচলতে মানুহৰ কাৰণে জীৱন–মৰণৰ প্রশ্ণ৷ অর্থাৎ জিভাৰ লোভত অতিভোজন কৰা মানুহবোৰ নানা ধৰণৰ ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু সোনকালে মৰে৷ অসমীয়াত এষাৰ কথা আছেঃ মানুহ খাই মৰে নে নাখাই মৰে? উত্তৰটো হ’ল এই যে দুর্ভিক্ষ বা আকাল নহ’লে, অথবা ভয়ংকৰ দাৰিদ্র্যত পতিত নহ’লে, কোনো মানুহেই নাখাই নমৰে খাইহে মৰে৷ অর্থাৎ অতিভোজন কৰি মৰে ৷

মই নিজে মিতাহাৰী ৷ জিভাৰ লোভত মই এচামুচ আহাৰো বেছিকৈ নাখাওঁ৷ বৈজ্ঞানিকভাৱে এই কথা প্রমাণিত হৈছে যে বয়স বঢ়াৰ লগে লগে আহাৰৰ পৰিমাণ, বিশেষকৈ কেলৰিযুক্ত আহাৰৰ পৰিমাণ হ্রাস কৰিলে আয়ুস বৃদ্ধি হয়৷ পৰিমিত আহাৰৰ উপকাৰিতা বুজাবলৈ মই ইতিমধ্যে ‘আলেকজেণ্ডাৰ, ছীজাৰ আৰু নেপোলিয়ন’ নামৰ এখন ৰচনা লিখিছিলোঁ৷ ইতিহাসত যুগমীয়া কীর্তি ৰাখি থৈ যোৱা এই তিনিজন মহাবীৰেই আছিল মিতাহাৰী, অর্থাৎ তেওঁলোকে খুব কম পৰিমাণৰ আহাৰ খাইছিল৷ আলেকজেণ্ডাৰে লিখি থৈ গৈছে– ‘ৰান্ধনীৰ সহায় নোলোৱাকৈ নিজে ৰান্ধি–বাঢ়ি খাবলৈ মোক বাল্যকালতেই শিক্ষা দিয়া হৈছিল৷ গোটেই ৰাতি খোজকঢ়াটো আছিল মোৰ পুৱাৰ আহাৰ৷ ৰাতিৰ আহাৰ হিচাপে মই খাইছিলোঁ সাধাৰণতে মানুহে পুৱা খোৱা এটা পাতল জলপান ৷’

জুলিয়াছ ছীজাৰৰ স্বাস্থ্য আছিল অতি দুর্বল৷ স্বাস্থ্য সবল কৰিবলৈ তেওঁ অতি সাধাৰণ আহাৰ খাইছিল আৰু প্রায়ে মুকলি আকাশৰ তলত শুইছিল৷ কঠোৰ পৰিশ্রমৰ জীৱন যাপন কৰি ছীজাৰে ক্রমে ক্রমে নিজৰ স্বাস্থ্য সবল কৰি তুলিছিল ৷

নেপোলিয়নো আছিল অত্যন্ত মিতাহাৰী৷ তেওঁ এবাৰ মাকলৈ লিখা চিঠিত লিখিছিল– ‘মই ৰাতি দহ বজাত বিছনালৈ যাওঁ৷ পুৱা চাৰি বজাত বিছনাৰ পৰা উঠোঁ৷ গোটেই দিনটোত মই মাত্র এবাৰেই আহাৰ খাওঁ– আবেলি তিনি বজাত ৷’

এই তিনিজন মহাবীৰে অবিৰাম যুদ্ধ কৰি বিশ্ব জয় কৰিবলৈ প্রয়োজনীয় শক্তি আহৰণ কৰিবৰ কাৰণে কি কৰিছিল? আহাৰ খাইছিল কম পৰিমাণে৷ অর্থাৎ তেওঁলোকক বেছি শক্তি দিছিল কম আহাৰে ৷

আপুনিও কথাটো চিন্তা কৰি চাব৷
বহুত দীর্ঘজীৱী আৰু স্বাস্থ্যৱান মানুহক এই কথাটো সোধা হয়– ‘আপুনি ইমান দীঘল আয়ুস পালে কেনেকৈ? ইমান বেছি বয়সতো আপুনি কেনেকৈ ইমান সুস্থ আৰু সবল হৈ আছে?’
সকলো দীর্ঘায়ু মানুহৰ উত্তৰবোৰ প্রায় একেই হয়৷ উদাহৰণস্বৰূপে হোৱাং বোহান নামৰ এজন ১০৫ বছৰীয়া চীনা মানুহক তেওঁৰ দীর্ঘ জীৱন আৰু সুস্বাস্থ্যৰ বিষয়ে সোধা হৈছিল, তেওঁ কৈছিল– ‘মই ভাত, গোমধান আৰু শাক–পাচলি খাওঁ৷ মই ৰাতি ন বজাতে শুবলৈ যাওঁ আৰু পুৱা খুব সোনকালে বিছনাৰ পৰা উঠোঁ ৷’

সুস্বাস্থ্যৰ কাৰণে খাবলগীয়া বস্তুবোৰ হ’ল ভাত, ৰুটী, প্রচুৰ শাক–পাচলি আৰু ফলমূল৷ মাংস আৰু চর্বিজাতীয় বস্তু খুব কম পৰিমাণে খাব লাগে ৷
মই নিজে এজন স্বাস্থ্য–বিশাৰদৰ এই সৰল উপদেশকেইটা মানি চলোঁ– ‘যদি সদায় ডেকা হৈ থাকিব খোজা, তেন্তে অতিভোজন নকৰিবা, চর্বিযুক্ত আহাৰ বেছিকৈ নাখাবা, নিয়মিতভাৱে ব্যায়াম কৰিবা, ৰ’দৰ পৰা নিজকে পার্যমানে ৰক্ষা কৰিবা, শৰীৰ আৰু মনৰ ওপৰত হেঁচা পৰাকৈ অত্যধিক পৰিশ্রম আৰু দুশ্চিন্তা নকৰিবা, মানসিকভাৱে সদায় সক্রিয় হৈ থাকিবা আৰু মাজে মাজে মধুৰ আলস্য উপভোগ কৰিবলৈ শিকিবা ৷’
সেই একেজন মানুহেই আৰু কেইটামান উপদেশ দিছে– ‘বার্ধক্য আৰু অৱসাদক দূৰত ৰাখিবলৈ নিজৰ মনটোক সদায় কিবা নহয় কিবা এটা কামত লগাবা৷ যিমান পাৰা কিতাপ পঢ়িবা৷ সমসাময়িক ঘটনাপ্রবাহৰ লগত নিজকে পৰিচিত ৰাখিবলৈ যত্ন কৰিবা৷ বন্ধু–বান্ধৱৰ লগত ধর্ম, দর্শন আৰু ৰাজনীতিৰ বিষয়ে তর্ক কৰিবা৷ মুঠতে দা–কটাৰী ধৰাই থকাৰ নিচিনাকৈ মনটোকো ধৰাই থাকিবা ৷’
এই আটাইকেইটা উপদেশ পালন কৰিবলৈ নিচেই সহজ৷ নিজক সুস্থ আৰু সবল কৰি ৰাখিবলৈ যিবোৰ মানুহে এই অতি সহজ উপদেশকেইটাও পালন কৰিব নোৱাৰে, তেওঁৰ জীয়াই থাকিবলৈ কোনো অধিকাৰ নাই ৷

ওপৰত উল্লেখ কৰা কিতাপ পঢ়া কথাটো অতি গুৰুত্বপূর্ণ৷ উইল ডুৰাণ্টে স্বাস্থ্যৰ বিষয়ে লিখা ৰচনাখনত আহাৰৰ পিছতেই সম্পূর্ণ এটা ডাঙৰ পেৰাগ্রাফ লিখিছে কিতাপ পঢ়াৰ উপকাৰিতা বুজাবলৈ৷ অর্থাৎ স্বাস্থ্য ভাল কৰাত কিতাপেও সহায় কৰে৷ মই নিজে কিতাপ নপঢ়াকৈ এদিনো থাকিব নোৱাৰোঁ৷ কেৱল জ্ঞান অর্জন কৰিবৰ কাৰণেই যে মানুহে কিতাপ পঢ়িব লাগে এনে নহয়৷ স্বাস্থ্য সবল কৰিবলৈ নিয়মিত শাৰীৰিক ব্যায়ামৰ দৰে মানসিক ব্যায়ামৰো প্রয়োজন হয়৷ কিতাপ পঢ়াটো হ’ল মনৰ ব্যায়াম৷ কিতাপ পঢ়াৰ অভ্যাসে মানুহৰ মনত শিশুসুলভ কৌতূহল চিৰজাগ্রত কৰি ৰাখে, মনটোক প্রফুল্লিত কৰি ৰাখে, আৰু মনৰ চিন্তা কৰাৰ শক্তি ক্রমান্বয়ে বৃদ্ধি কৰি থাকে৷ মই নিজে অনুভৱ কৰোঁ যে কিতাপ পঢ়াৰ অভ্যাসে মোৰ মনটো চিৰ–তৰুণ কৰি ৰাখিছে৷ জীৱনৰ এটা বয়সত দেহৰ যৌৱনতকৈ মনৰ যৌৱনৰ প্রয়োজন হয় বেছি ৷

স্বাস্থ্যৰ বিষয়ে মোৰ নিজৰ কথা ইমানতে এৰি এজন বিখ্যাত চিকিৎসকে তেওঁৰ এজন ৰোগীলৈ বহুত ভাল উপদেশ দি লিখা এখন চিঠিৰ অসমীয়া অনুবাদ তলত হুবহু তুলি দিছোঁ৷ ডাঃ পিটাৰ ষ্টেইনক্রন নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে তেওঁৰ‘How to Live After Heart Attack’ নামৰ এটা প্রবন্ধত এই চিঠিখন উদ্ধৃত কৰিছে৷ ডাঃ ষ্টেইনক্রনে নিজেই কৈছে যে যদিও এই চিঠিখন এজন হূদৰোগীলৈ লিখা হৈছে, তথাপি ইয়াত দিয়া উপদেশকেইটা নিষ্ঠাৰে পালন কৰিলে আনকি নিৰোগ মানুহো প্রভূত পৰিমাণে উপকৃত হ’ব৷ মই নিজে এই চিঠিখনৰ উপদেশকেইটা সকলো সময়তে মনত ৰাখোঁ আৰু নিজৰ জীৱনত সেইবোৰক পালন কৰিবলৈ যথাসাধ্য চেষ্টা কৰি থাকোঁ৷

প্রিয়
মি. ব্লেংক,
আপুনি হৃদৰোগত আক্রান্ত হোৱাৰ পিছত আৰোগ্যৰ কাৰণে উপদেশ বিচাৰি মোৰ ওচৰলৈ আহিছিল৷ আপুনি নিশ্চয় আন কেইবাজনো ডাক্তৰৰ ওচৰলৈকো গৈছিল৷ তথাপি আপুনি মোৰ ওচৰলৈ আহিছিল নিশ্চয় এই আশাত যে মই আপোনাক এনে এটা ঔষধ দিম– যিটো ঔষধে আপোনাক সম্পূর্ণ আৰোগ্য কৰিব৷ দুর্ভাগ্যৰ কথা যে এনে কোনো ঔষধ নাই৷ কিন্তু আপুনি যদি কিছুদিন সম্পূর্ণ শাৰীৰিক, আৱেগিক আৰু মানসিক জিৰণি লোৱাৰ পিছত মই আপোনাক দিব খোজা কেইটামান উপদেশ নিষ্ঠাৰে পালন কৰে, তেন্তে ঔষধতকৈও সি আপোনাৰ বেছি উপকাৰ সাধন কৰিব ৷
(১) আপুনি আপোনাৰ শৰীৰৰ উচ্চতা, গঠন আৰু বয়সৰ লগত খাপ খোৱাকৈ আপোনাৰ শৰীৰৰ ওজন কমাব লাগিব৷ কিন্তু ওজন কমাব লাগিব খুব ধীৰে ধীৰে, আহাৰৰ পৰিমাণ ক্রমান্বয়ে কম কৰি আৰু ব্যায়ামৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি কৰি৷ দৰব খাই ওজন কমাবলৈ কেতিয়াও চেষ্টা নকৰিব৷ পেট ফাটি যোৱাকৈ খোৱাৰ অভ্যাস চিৰকাললৈ ত্যাগ কৰিব৷

(২) আপুনি খৰধৰকৈ আৰু উশাহ সলাব নোৱৰাকৈ কাম কৰাৰ অভ্যাস এৰিব লাগিব৷ ৰে’ল ধৰিবলৈ কেতিয়াও ঢ়াপলি নেমেলিব৷ দৌৰি দৌৰি চিৰি নবগাব৷ গাৰ শক্তিয়ে নটাকৈ শৰীৰৰ কোনো পেশী ব্যৱহাৰ নকৰিব৷ খোৱাৰ ঠিক পিছতেই শাৰীৰিক পৰিশ্রম নকৰিব৷

(৩) মনটো সম্পূর্ণ সজীৱ হৈ থকা অৱস্থাতহে যিকোনো মানসিক পৰিশ্রম কৰিব৷ মানসিক ক্লান্তি বা অৱসাদ অনুভৱ কৰিলেই কামটো কৰিবলৈ এৰি দিব ৷

(৪) আপুনি আপোনাৰ আৱেগিক প্রতিক্রিয়াবোৰ(Emotional reaction) কঠোৰভাৱে নিয়ন্ত্রণ কৰিব পাৰিবই লাগিব৷ ডাক্তৰ হিচাপে মই এই কথা জানো যে ৰোগীৰ যদি কিবা কাৰণত ভীষণ খং উঠে, তেতিয়া তেওঁৰ ৰক্তচাপ ৬০ পইণ্ট বাঢ়ি যায়৷ বহুত মানুহে নিজৰ খং উঠাৰ কাৰণে আনক দোষাৰোপ কৰে ৷ তেওঁ নিজেই ভাবি নাচায় যে খং দমন কৰিব নোৱৰাৰ কাৰণে তেওঁ নিজেহে দায়ী৷ খং মানুহৰ এটা ডাঙৰ শত্রু আৰু ই স্বাস্থ্যৰ কাৰণে ভীষণ ক্ষতিকাৰক৷ বিখ্যাত শল্য চিকিৎসক জন হাণ্টাৰ আছিল এজন ভীষণ খঙাল মানুহ৷ খঙেই এদিন তেওঁৰ বিপদ মাতিব বুলি জানিও তেওঁ কেতিয়াও খং দমন কৰিব পৰা নাছিল৷ এদিন কিবা কথাত তেওঁৰ ভীষণ খং উঠিল আৰু খঙৰ ভমকতে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হ’ল৷ আপুনি যেতিয়াই খং উঠা যেন অনুভৱ কৰে, তেতিয়া আপুনি আপোনাৰ শৰীৰৰ অংগ–প্রত্যংগ আৰু পেশীবোৰ শিথিল কৰি দিবলৈ চেষ্টা কৰিব৷ আপোনাৰ খং আপোনা–আপুনি জামৰি যাব ৷
(

৫) সকলো সময়তে ৰঙিয়াল হৈ থাকিবলৈ চেষ্টা কৰিব৷ কথাটো কোৱা যিমান সহজ, কৰা সিমান সহজ নহয়৷ মনটো বেয়া লাগিলেই আপুনি নিজৰ জীৱনৰ যিকোনো এটা আনন্দদায়ক বা হাস্যকৰ ঘটনা মনত পেলাবলৈ চেষ্টা কৰিব৷ এনেকৈ চেষ্টা কৰাৰ লগে লগে আপোনাৰ মুডটো সলনি হ’বলৈ বাধ্য৷ মুঠতে স্বাস্থ্য ৰক্ষাৰ কাৰণে ৰঙিয়াল বা ফূর্তিবাজ হৈ থকাটো অতি দৰকাৰী কথা৷

You might also like