‘ডি’ ভিটামিনৰ অভাৱত বৃদ্ধি ক’ৰোনা ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১০ মে’ : ক’ভিড–১৯ মহামাৰীত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত ৰোগীৰ শৰীৰত ‘ডি’ ভিটামিনৰ অভাৱো এটা মূল কাৰণ হিচাপে বিবেচিত হৈছে ৷ ব্রিটিছ গৱেষকসকলে গৱেষণাৰ অন্তত প্রকাশ কৰিছে যে শৰীৰত ‘ডি’ ভিটামিনৰ পৰিমাণ কম হোৱাৰ বাবেই ইউৰোপৰ প্রায় ২০খনতকৈও অধিক দেশত ক’ভিড–১৯ ভাইৰাছত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৷ এঞ্জিলা ৰাস্কিন বিশ্ববিদ্যালয়ত চলোৱা এই গৱেষণাৰ অন্যতম গৱেষক ড০ লী স্মিথে কয়– ‘‘ডি’ ভিটামিনৰ হাৰ আৰু ক’ভিড–১৯ কেছৰ মাজত আমি এক নির্দিষ্ট সম্পর্ক ধৰা পেলাইছোঁ৷ বিশেষকৈ ক’ভিড–১৯ৰ মৃতকৰ হাৰ সন্দর্ভত৷’ গৱেষকসকলৰ মতে ভিটামিন ‘ডি’য়ে শ্বেতৰক্ত কণিকাৰ প্রক্রিয়াক নিয়ন্ত্রিত কৰে৷ যাৰ জৰিয়তে ই অত্যধিক প্রদাহজনিত চাইটোস্কিন ওলাই যোৱাত বাধা দিয়ে৷ ক’ভিড–১৯ ভাইৰাছ প্র’–চাইটোস্কিনৰ অতিৰিক্ত কাৰণ হিচাপে পৰিচিত৷ ইয়াৰ পূর্বে এক অধ্যয়নত প্রকাশ পাইছিল যে ইউৰোপৰ ৭৫ শতাংশ ৰোগীৰেই ‘ডি’ ভিটামিনৰ অভাৱ ঘটিছিল ৷