নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ নতুন ৰূপ ‘D614G’ৰ সংক্রমণে সৃষ্টি কৰিব ভয়াৱহ পৰিস্থিতি

নিয়মীয়া বার্তা, ১১ মেঃ  বিশ্ববাসীৰ বাবে এক ভয়ংকৰ দুঃখবৰ৷ পূর্বতকৈ অধিক দ্রুতবেগেৰে দেশে দেশে সংক্রমিত হ’ব ক’ৰোনা৷ ইতিমধ্যে সলনি হৈছে এই মাৰাত্মক ভাইৰাছবিধৰ চৰিত্র৷ মিউটেচনৰ ফলত নতুন ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র বিশ্বৰ পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰাৰ আশংকা সৃষ্টি হৈছে৷ এই ভয়াৱহ সকীয়নি দিছে নিউ মেক্সিকোৰ লছ আলমন্স নেচনেল লেবৰেটৰীৰ বিজ্ঞানীসকলে৷

যোৱা ফেব্রুৱাৰী মাহত ইউৰোপত প্রথমবাৰৰ বাবে ভাইৰাছৰ প্রথম পৰিৱর্তন দেখা গৈছিল৷ ইয়াৰ পাছতে দ্রুতগতিত ই আমেৰিকালৈ বিয়পে আৰু মার্চৰ মাজভাগলৈ সমগ্র পৃথিৱীৰ পৰিস্থিতি ভয়াৱহ কৰি তোলে৷ এই বিষয়টোৰ ওপৰত ধাৰাবাহিক গৱেষণা অব্যাহত ৰাখিছে নিউ মেক্সিকোৰ লছ আলমন্স নেচনেল লেবৰেটৰীয়ে৷ গৱেষণা প্রতিষ্ঠানটোৱে শেহতীয়াকৈ প্রকাশ কৰিছে ৩৩ পৃষ্ঠাৰ এখন গৱেষণা–পত্র৷ য’ত উল্লেখ কৰা হৈছে ক’ভিড–১৯ ভাইৰাছৰ চৰিত্র পৰিৱর্তন সন্দর্ভত বহু গুৰুত্বপূর্ণ তথ্য৷ গৱেষকসকলে প্রকাশ কৰা মতে, বৈজ্ঞানিক ভাষাত ক’ৰোনা ভাইৰাছক ‘চার্ছ–ক’ভ–২’ হিচাপে চিহ্ণিত কৰা হৈছে৷ সমগ্র বিশ্বত এতিয়ালৈকে ৪ মিলিয়নৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে৷ ইয়াৰ ৬ হাজাৰটা নমুনাক লৈ গৱেষণা কৰে নিউ মেক্সিকোৰ লছ আলমন্স নেচনেল লেবৰেটৰীয়ে৷

বিশ্বৰ ভিন্ন প্রান্তৰ নমুনাৰ তথ্য প্রদান কৰিছিল জার্মানীৰ অর্ধ–চৰকাৰী প্রতিষ্ঠান ‘গ্ল’বেল ইনিছিয়েটিভ ফ’ৰ চেয়াৰিং অল ইনফ্লুয়েঞ্জা ডাটা’ই৷ ডিউক ইউনিভার্ছিটী আৰু ইংলেণ্ডৰ ইউনিভার্ছিটী অৱ শ্বেফিল্ডৰ গৱেষকসকলৰ সহযোগত লছ আলমন্স লেবৰেটৰীত চলা গৱেষণাত ওলাই পৰে যে প্রথমবাৰ সংক্রমিত হোৱাৰ পাছৰে পৰা ক’ৰোনা ভাইৰাছৰ ১৪বাৰ পৰিৱর্তন লক্ষ্য কৰা গৈছে৷ ভাইৰাছবিধৰ জিনত থকা আৰ এন এৰ ৩০ হাজাৰ বেচপেয়াৰত এই পৰিৱর্তন ধৰা পৰিছে৷ ইয়াৰ ভিতৰত ‘ডি৬১৪জি’ প্রকাৰৰ পৰিৱর্তনক আটাইতকৈ ভয়ানক আখ্যা দিছে বিজ্ঞানীসকলে৷ বিশ্বৰ ভিন্ন দেশত যোৱা মার্চ মাহত হোৱা দ্রুত সংক্রমণ এই নতুন ৰূপৰ ভাইৰাছৰ পৰিণতি বুলিও গৱেষণা–পত্রখনত উল্লেখ কৰা হৈছে৷

গৱেষণা প্রক্রিয়াটোক নেতৃত্ব দিয়া বেটে ক’ৰবাৰ নামৰ বিজ্ঞানীজনে সদৰী কৰা মতে, তেওঁলোকে লক্ষ্য কৰিছে যে পৰিৱর্তিত বিশেষ চৰিত্রৰ ক’ৰোনা ভাইৰাছৰ বাবে মার্চ মাহত মহামাৰীয়ে অতি শোচনীয় অৱস্থাৰ সৃষ্টি কৰিলে৷ ‘ডি৬১৪জি’ ৰূপৰ ক’ৰোনা যেতিয়া কোনো এটা জনসমষ্টিত প্রৱেশ কৰে, তেতিয়া ই মানুহৰ দেহলৈ সংক্রমিত হ’বৰ বাবে অতি কম সময়ৰ প্রয়োজন হয়৷ গুৰুত্বপূর্ণ কথাটো হ’ল– যিসমূহ ইউৰোপিয়ান দেশত প্রথমাৱস্থাত নতুন ৰূপৰ ক’ৰোনাৰ উপস্থিতি দেখা গৈছিল, তাৰ ভিতৰত অন্যতম আছিল ইটালী৷ ইটালীত অতি কম সময়ৰ ভিতৰত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ পাছত মার্চৰ মাজভাগলৈ সমগ্র বিশ্বত ই বিয়পি পৰে৷

যদিহে এনেদৰে ভাইৰাছৰ চৰিত্র সঘনে সলনি হৈ থাকে, তেনেহ’লে বর্তমান প্রস্তুত হৈ থকা ভেকচিন মানৱ শৰীৰত অধিক ফলপ্রসূ নহ’বও পাৰে৷ সেই বাবেই লছ আলমন্স লেবৰেটৰীয়ে এই গৱেষণা–পত্রখন প্রকাশ কৰি চিকিৎসক, বিজ্ঞানী, গৱেষক সকলোকে সকীয়াই দিছে৷ উল্লেখ্য যে গৱেষণা–পত্রখনত স্পষ্ট ভাষাৰে কোৱা হৈছে যে ‘ডি১৬৪জি’ ৰূপৰ ভাইৰাছ শেহতীয়াকৈ অত্যধিক সংক্রমিত হোৱা দেখা গৈছে৷ চীনৰ য়ুহানৰ তুলনাত নতুন ৰূপত ভাইৰাছ অতি দ্রুত গতিত বিয়পে৷ ভাইৰাছৰ চৰিত্র পৰিৱর্তন কোনো নতুন কথা নহয় যদিও সংক্রমণৰ হাৰ বৃদ্ধি পোৱাটো বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে৷ অৱশ্যে ই পূর্বৰ তুলনাত অধিক ক্ষতিকাৰক বুলি এতিয়াও প্রমাণিত হোৱা নাই।

You might also like