নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতি ক্ষুদ্র–ক্ষুদ্র–মজলীয়া উদ্যোগলৈ ৩ লাখ কোটি টকাৰ জামানতমুক্ত ঋণ কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : লকডাউনৰ ফলত স্থবিৰ হৈ পৰা দেশীয় উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)সমূহক ৩ লাখ কোটি টকাৰ জামানতমুক্ত ঋণ প্রদান কৰিব কেন্দ্রীয় চৰকাৰে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ লকডাউনৰ ফলত সৃষ্টি  হোৱা সংকটৰ পৰা দেশবাসীক সকাহ দিবলৈ ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ ধন কোন শিতানত কিদৰে ব্যৱহাৰ কৰা হয়, তাৰ ওপৰত আলোকপাত কৰি বুধবাৰে এই ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷ বিকাশ আৰু আত্মনির্ভৰ ভাৰতৰ লক্ষ্যৰে প্রধানমন্ত্রীয়ে এক ভিজন স্থিৰ কৰা বুলি উল্লেখ কৰি সীতাৰমণে কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সময়ত বিভিন্ন ক্ষেত্রৰ অগ্রণী ব্যক্তিৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰি মোদীয়ে এই ভিজন প্রস্তুত কৰিছে ৷

উল্লেখ্য যে বিত্তমন্ত্রীগৰাকীয়ে কোন শিতানত কিমান আর্থিক সাহায্য দিয়া হ’ব, তাৰ পর্যায়ক্রমে ঘোষণা কৰিব ৷ বুধবাৰে প্রথম দিনা এম এছ এম ইসমূহলৈ বৃহৎ সকাহৰ কথা ঘোষণা কৰি বিত্তমন্ত্রীগৰাকীয়ে কয় যে লকডাউনৰ সময়ত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহ বৃহৎ লোকচনাৰ সন্মুখীন হৈছে ৷ জামানতমুক্ত এই ঋণৰ সুবিধা লৈ ৪৫ লাখ এম এছ এম ই গোট উপকৃত হ’ব পাৰিব৷ তেওঁ কয় যে অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহত উৎপাদন পুনৰ স্বাভাৱিক কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ লৈছে ৷ ২৫ কোটি টকা ঋণ থকা আৰু ১০০ কোটি টকা পর্যন্ত উপার্জন কৰা উদ্যোগসমূহে ৪ বছৰৰ বাবে এই ঋণ লাভ কৰিব৷ মূলধনৰ কিস্তিত দিয়া হ’ব ১২ মাহৰ মটেৰ’ৰিয়াম৷ চলিত বছৰৰ ৩১ অক্টোবৰৰ ভিতৰত এই ঋণৰ সুবিধা ল’ব পাৰিব ব্যৱসায়ীসকলে ৷ এই ঋণৰ বাবে প্রয়োজন নহ’ব কোনো বেংক গেৰাণ্টীৰ ৷ উল্লেখ্য যে সীতাৰমণে ঘোষণা কৰা ১৫টা আর্থিক সাহায্যৰ ৬টাই হ’ল এম এছ এম ইক শক্তিশালী কৰাৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অন্তর্গত ৷ তদুপৰি ঋণগ্রস্ত এম এছ এম ইসমূহক পুনৰ সক্ষম কৰি তুলিবলৈ অতিৰিক্ত ২০ হাজাৰ কোটি ধার্য কৰা হৈছে ৷ এন পি এ হিচাপে বেংকে চিহ্ণিত কৰা যিবোৰ ক্ষুদ্র–মজলীয়া উদ্যোগক পুনৰ কার্যক্ষম কৰি তোলাৰ সম্ভাৱনীয়তা আছে, সেই উদ্যোগসমূহে এই সুবিধা লাভ কৰিব ৷ আনহাতে, ‘ফাণ্ড অৱ ফাণ্ডছ’ গঠন কৰি এম এছ এম ইসমূহৰ বাবে ৫০ হাজাৰ কোটি টকাৰ ইকুইটীৰ ব্যৱস্থা কৰাৰ আঁচনি গ্রহণ কৰা হৈছে ৷

আন এক ঘোষণামর্মে বিত্তমন্ত্রী সীতাৰমণে কয় যে এম এছ এম ইসমূহে চৰকাৰৰ পৰা পাব লগা বকেয়া সমূদায় ধন ৪৫ দিনৰ ভিতৰত আদায় দিয়া হ’ব৷ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহক অধিক উৎপাদনৰ বাবে উৎসাহিত কৰিবলৈ চৰকাৰে এই উদ্যোগসমূহৰ সংজ্ঞা সলনি কৰাৰ সিদ্ধান্ত লৈছে ৷ সেইমর্মে অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া উদ্যোগ হিচাপে স্বীকৃতিৰ বাবে সর্বোচ্চ বিনিয়োগ ক্রমে ১ কোটি, ১০ কোটি আৰু ২০ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ সেৱা খণ্ডৰ এম এছ এম ইৰ ক্ষেত্রতো একে হাৰ প্রযোজ্য হ’ব৷ অতি ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত বিনিয়োগৰ এই পৰিমাণ ৪জন তথা ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ ক্ষেত্রত দুগুণ বৃদ্ধি কৰা হয় ৷ সেইদৰে অতি ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত ৫ কোটি, ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত ৫০ কোটি আৰু মজলীয়া উদ্যোগৰ ক্ষেত্রত ১০০ কোটি সর্বোচ্চ উপার্জন নির্ধাৰণ কৰা হৈছে ৷

উল্লেখ্য যে এম এছ এম ইৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকাত এই উদ্যোগসমূহে বিনিয়োগ আৰু উৎপাদন সীমিত ৰখাৰ বাবে সতর্কতা অৱলম্বন কৰি আহিছে৷ ইয়াৰ উচ্চসীমা বৃদ্ধিৰ ফলত উৎপাদনো বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে কেন্দ্রৰ এই পদক্ষেপে এম এছ এম ইসমূহলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ কিয়নো লকডাউনৰ ফলত এই উদ্যোগসমূহ ক্ষতিগ্রস্ত হোৱাৰ ফলত দেশৰ বিকাশত প্রত্যক্ষ প্রভাৱ পৰিছিল৷ উল্লেখ্য যে দেশৰ অর্থনীতিলৈ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহৰ অৰিহণা হ’ল মুঠ ঘৰুৱা উৎপাদনৰ ২৮ শতাংশ৷ চৰকাৰে এম এছ এম ইসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ অন্যতম প্রধান কাৰণ হ’ল– এই উদ্যোগসমূহত ১১ কোটি লোকে কর্মসংস্থাপন লাভ কৰিছে৷ তদুপৰি দেশৰ মুঠ ৰপ্তানিৰ ৪০ শতাংশ সামগ্রীয়ে উৎপাদন হয় এম এছ এম ইসমূহত৷ আন এক গুৰুত্বপূর্ণ সিদ্ধান্তমর্মে বিত্তমন্ত্রী সীতাৰমণে নিয়োগকর্তা আৰু কর্মচাৰীৰ ই পি এফলৈ ২,৫০০ কোটি টকাৰ সাহায্য ঘোষণা কৰে৷ অহা তিনি মাহলৈ নিয়োগকর্তা আৰু কর্মচাৰীয়ে ১২ শতাংশৰ পৰিৱর্তে ১০ শতাংশ অৰিহণাহে ই পি এফলৈ আগবঢ়াব লাগিব৷ মার্চ–এপ্রিলতো তিনি মাহলৈ চৰকাৰে এই সুবিধা প্রদান কৰিছিল৷

You might also like