ছাগলীয়াত অনাহাৰে কোৱাৰেণ্টাইনত শিশু–মহিলা
নিয়মীয়া বার্তা, ১৪ মে’ : একাংশ কোৱাৰেণ্টাইন চেণ্টাৰত শিশু–মহিলাই অনাহাৰে কটাব লগা হৈছে ৷ ধুবুৰী জিলাৰ ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰত মঙলবাৰে আবেলিৰ পৰা সন্ধিয়া লৈ শিশু–মহিলাকে ধৰি প্রায় ৩৫০জন লোকক ৰখা হৈছে ৷ কিন্তু নিশা ১২ বজাত অলপ ভাত দিয়াৰ বিপৰীতে আবেলিলৈকে কোনো ধৰণৰ খাদ্য যোগান ধৰা নাই ৷ ফলত ভোকত শিশুসকলে কান্দি আছে৷ কোৱাৰেণ্টাইন কেন্দ্র পৰিচালনাৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতা আৰু মধ্যভোগীৰ বাবে যমৰ যাতনা ভুগি আছে বুলি অভিযোগ কৰিছে আৱাসিকসকলে ৷ দুদিন তিনিদিন ধৰি লঘোনে থাকি ছাগলীয়াত উপস্থিত হোৱা শ্রমিকসকলে অন্ততঃ প্রয়োজনীয় খাদ্য সময়মতে লাভ কৰে তাৰ বাবে উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে৷ আনহাতে পৰিচালনাৰ ভুলৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰত সামাজিক দূৰত্ব মানি নচলাত আতংকৰ সৃষ্টি হৈছে ৷