নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হটস্পট’ মহাৰাষ্ট্র–ৰাজস্থান মধ্যপ্রদেশৰ পৰাই ফাঁচীবজাৰলৈ বিয়পিল ক’ৰোনা

নিয়মীয়া বাৰ্তা, ১৫ মে’ : ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত মুংৰু সাহানী নামৰ লোকজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে সমগ্র মহানগৰীতে সৃষ্টি হোৱা আতংক অব্যাহত আছে ৷ বুধবাৰে সাহানীৰ সংস্পর্শলৈ অহা ১৫জন লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি নিশ্চিত হোৱাৰ পাছতে স্বাভাৱিকতে গুৱাহাটীবাসীক অধিক শংকিত কৰি তুলিছে ৷ নতুনকৈ সংক্রমিতসকলৰ ভিতৰত বিদ্বেশ্বৰী ঠাকুৰ নামৰ এজন নাপিতো আছে ৷ যাৰ বাবে গুৱাহাটীৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে ৷ কিয়নো ফাঁচীবজাৰ, মাছখোৱাৰ লগতে ইয়াৰ সমীপৱর্তী অঞ্চলত বিগত কেইদিনমানত বহু লোকৰ চুলি কাটিছিল ঠাকুৰে ৷ সেয়েহে বিগত দিনকেইটাত কিমান লোক নাপিতজনৰ সংস্পর্শলৈ আহিল, সেয়া চিন্তাৰ কাৰণ হৈ পৰিছে ৷ উদ্বেগৰ বিষয় যে নাপিতজনে নিজেও চুলি কটা লোকসকলৰ নাম অথবা ঠিকনা অৱগত কৰিব পৰা নাই ৷

প্রাপ্ত তথ্য অনুসৰি নাপিত বিদ্বেশ্বৰী ঠাকুৰৰ কোনো স্থায়ী দোকান নাছিল ৷ বৰঞ্চ পদপথত বহি ঠাকুৰে চুলি–ডাঢ়ি কাটি আহিছিল ৷ লকডাউনৰ সময়তো ফাঁচীবজাৰ অঞ্চলত ঘূৰি ঘূৰি য’তেই গ্রাহক পাইছিল, তাতেই চুলি কাটিছিল ঠাকুৰে ৷ ইপিনে ৰাজকমল হোটেলৰ তলত আলু–পিঁয়াজৰ গুদামত কাম কৰা একাংশ শ্রমিকৰো চুলি কাটিছিল ঠাকুৰে ৷ মুংৰু সাহানীৰ সংস্পর্শলৈ আহি ক’ভিড–১৯ত আক্রান্ত হোৱা শ্রমিকসকলৰ চুলি কাটিছিল নাপিতজনে ৷ ৰাজকমল হোটেলৰ তলতে শ্রমিককেইজনৰ চুলি কাটিছিল বুলি জানিব পৰা গৈছে ৷ ইফালে বিগত দিনকেইটাত কোন ব্যক্তিৰ তেওঁ চুলি কাটিছিল, তাৰ অনুসন্ধান অব্যাহত আছে ৷ সমান্তৰালভাৱে নাপিতজনে বাস কৰা কুমাৰপাৰাৰ বাসগৃহটোৰ চৌপাশ ছীল কৰি দিয়া হৈছে ৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ কার্যবাহী সঞ্চালক অচ্যুত বৈশ্যই কুমাৰপাৰাৰ কনটেইনমেণ্ট অঞ্চল পৰিদর্শন কৰে ৷

লক্ষণীয়ভাৱে কনটেইনমেণ্ট জ’ন কৰিলেও কুমাৰপাৰা অঞ্চলৰ লোকসকল এতিয়াও সচেতন আৰু সজাগ হোৱা নাই৷ এই প্রসংগত অচ্যুত বৈশ্যই সংবাদ মাধ্যমৰ আগত কয়– ‘বিদ্বেশ্বৰী ঠাকুৰৰ সংস্পর্শলৈ অহা লোকসকলৰ কার্ফিউ বা লকডাউন সন্দর্ভত কোনো ধাৰণাই নাই ৷ বুধবাৰে নিশা ১০ বজাতো এই অঞ্চলৰ একাংশ লোক বাহিৰলৈ ওলাই অহা দেখা গৈছিল ৷ বিদ্বেশ্বৰী ঠাকুৰ থকা চৌহদটোত প্রায় ৪৫জন মানুহ থাকে ৷ একেটা ঘৰত ঠাকুৰৰ লগত ৫জন সদস্য থাকে ৷ চৌহদটোত ভাৰাতীয়া হিচাপে থকা ২৬জনক কোৱাৰেণ্টাইন কেন্দ্রলৈ লৈ যোৱা হ’ব ৷’ একে সময়তে নাপিতজনৰ পৰা অধিক লোকৰ সংক্রমণ হোৱাৰ আশংকাও ব্যক্ত কৰে বৈশ্যই ৷ উল্লেখ্য যে ফাঁচীবজাৰ আৰু চাংসাৰিত আলু–পিঁয়াজৰ গুদামত কর্মৰত মুংৰু সাহানী কিদৰে সংক্রমিত হ’ল, তাৰ উৎস এতিয়াও পোহৰলৈ অহা নাই ৷ এইদৰে এই লোকজনৰ নাই কোনো ভ্রমণ বৃত্তান্ত ৷ এনে পৰিপ্রেক্ষিতত বহিঃৰাজ্যৰ পৰা অহা আলু–পিঁয়াজৰ ট্রাকৰ চালকৰ পৰাই ফাঁচীবজাৰৰ শ্রমিককেইজনৰ শৰীৰলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি আশংকা প্রকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

প্রাপ্ত তথ্য অনুসৰি দেশত ক’ৰোনাৰ হটস্পট হিচাপে বিবেচিত হোৱা একাংশ ৰাজ্যৰ পৰাই গুৱাহাটীলৈ আহিছিল আলু–পিঁয়াজৰ গাড়ী ৷ এগৰাকী ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি ক’ৰোনাৰ হটস্পট মহাৰাষ্ট্র আৰু পশ্চিমবংগৰ পৰা ৰাজ্যলৈ আহে আলু–পিঁয়াজ ৷ তদুপৰি ক’ৰোনাই গুৰুতৰ ৰূপ ধাৰণ কৰা মধ্যপ্রদেশৰ ইণ্ডোৰ আৰু ৰাজস্থানৰ পৰাও ফাঁচীবজাৰলৈ আমদানি কৰা হয় আলু–পিঁয়াজ ৷ এনে পৰিপ্রেক্ষিতত মহাৰাষ্ট্র, ৰাজস্থান, মধ্যপ্রদেশৰ পৰা অহা আলু–পিঁয়াজৰ ট্রাকচালকৰ পৰাই ক’ভিড–১৯ ৰাজ্যৰ ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচীবজাৰলৈ বিয়পি পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ ইফালে মুংৰু সাহানীসহ একাংশ শ্রমিকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰাৰ পাছত চাংসাৰিৰ ৩০টা আলু–পিঁয়াজৰ গুদাম ছীল কৰা হৈছে ৷ জানিব পৰা মতে, এই গুদামসমূহত সম্প্রতি ১২৫ টন আলু আৰু ৬১৭ টন পিঁয়াজো জমা হৈ আছে ৷ চাংসাৰিৰ এই গুদামসমূহৰ পৰাই আলু–পিঁয়াজ সমগ্র গুৱাহাটীৰ লগতে আন প্রান্তৰ খুচুৰা ব্যৱসায়ীসকলে ক্রয় কৰি আহিছে ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ফাঁচীবজাৰত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কনটেইনমেণ্ট জ’নৰ চাৰিসীমা বৃদ্ধি কৰা হৈছে ৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই উত্তৰে এম জি ৰোড, দক্ষিণে জে’ল ৰোড, পূবে এফ আৰ চি বি ৰোড আৰু পশ্চিমে চেম্বার্ছ অৱ কমার্চক সামৰি নতুন কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

You might also like