পৃথিৱীৰ পৰা নির্মূল নহ’ব পাৰে ক’ৰোনা ভাইৰাছ
‘হু’ৰ কার্যবাহী সঞ্চালকৰ সতর্কবাণী : এইচআইভিৰ দৰে সুপ্ত অৱস্থাতে থাকিব মহামাৰী
নিয়মীয়া বাৰ্তা, ১৫ মে’ : বিশ্বজুৰি প্রাণঘাতী ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ প্রতিষেধক টিকা কেতিয়া উদ্ভাৱন হ’ব, তাক লৈ উৎকণ্ঠা চলি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ কার্যবাহী সঞ্চালক মাইকেল জে ৰিয়ানে উল্লেখ কৰিছে যে মাৰাত্মক ক’ৰোনা পৃথিৱীৰ পৰা কেতিয়াও নির্মূল নহ’ব পাৰে ৷ এইচ আই ভি ভাইৰাছৰ দৰে ই সুপ্ত অৱস্থাতে থাকিব পাৰে পৃথিৱীত ৷ অর্থাৎ এইচ আই ভিৰ সংক্রমণৰ দৰে ক’ভিড–১৯এ বিশ্বৰ মানৱ জাতিৰ সন্মুখত চিৰদিনৰ বাবে আতংক বিস্তাৰ কৰি থাকিব পাৰে ৷ চীনৰ য়ুহানৰ পৰা সমগ্র বিশ্বলৈকে বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে শেহতীয়াকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ যিকোনো যুদ্ধৰ বিভীষিকাতকৈও এই মহামাৰী হৈ পৰিছে মানৱ জাতিৰ বাবে ধ্বংসৰ কাৰক ৷
প্রতিদিনে দেশে দেশে লাখ লাখ লোক ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত হৈছে৷ এই ভাইৰাছবিধৰ দ্বাৰা প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২ লাখ ৯৫ হাজাৰতকৈ অধিক হৈছে৷ ইফালে, ৱর্ল্ড’মিটার্ছ ৱেবছাইটৰ তথ্য অনুসৰি বিশ্বজুৰি এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যা ৪৩ লাখ ৯৭ হাজাৰলৈ বৃদ্ধি পাইছে৷ ‘হু’ৰ কার্যবাহী সঞ্চালক ৰিয়ানৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা চি এন এনে সদৰী কৰিছে যে ক’ভিড–১৯ পৃথিৱীত আন এক স্থায়ী ভাইৰাছ হিচাপে পৰিগণিত হ’ব পাৰে৷ দেশে দেশে এইচ আই ভি ভাইৰাছৰ দৰে ক’ভিড–১৯ও সুপ্ত অৱস্থাত থাকিব পাৰে চিৰকালৰ বাবে৷ অৱশ্যে দুয়োবিধ ভাইৰাছ সন্দর্ভত তুলনা নকৰিলেও ক’ৰোনা ভাইৰাছৰ শেহতীয়া লক্ষণে এই কথাকেই প্রতিপন্ন কৰা বুলি উল্লেখ কৰিছে ‘হু’ৰ বিষয়ববীয়াগৰাকীয়ে৷ প্রতিষেধক টিকা যদি উদ্ভাৱন নহয়, তেন্তে ক’ৰোনা ভাইৰাছ পৃথিৱীৰ পৰা নির্মূল হ’ব নে নাই, তাক লৈ কোনেও ভৱিষ্যদ্বাণী কৰাটো উচিত নহয় বুলিও ৰিয়ানে উল্লেখ কৰিছে ৷