নিয়মীয়া বাৰ্তা, ১৬ মে’ : কৃষিখণ্ডৰ পৰিকাঠামো উন্নয়নৰ বাবে কেন্দ্রই ১ লাখ কোটি টকাৰ পুঁজি ধার্য কৰিছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত ল’বলগীয়া পদক্ষেপসমূহৰ তৃতীয় অংশ ঘোষণা কৰি শুকুৰবাৰে এখন সংবাদ মেলত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু দপ্তৰটোৰ কনিষ্ঠ মন্ত্রী অনুৰাগ সিং ঠাকুৰে এই কথা জানিবলৈ দিয়ে ৷ তদুপৰি কৃষকসকলে যাতে ফচল কটাৰ সময়ত উপযুক্ত মূল্যৰ লৈ অনিশ্চয়তাত ভুগিব লগা নহয় আৰু তাৰ লগতে তেওঁলোকক যাতে উচিত মূল্যৰ নিশ্চয়তা প্রদান কৰিব পাৰি, তাৰ বাবে এখন নতুন আঁচনি প্রণয়ন কৰা হ’ব বুলিও সীতাৰমণে ঘোষণা কৰে ৷ প্রথম দুটা দিনত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, আয়কৰ, ইপিএফ, প্রব্রজিত শ্রমিক আদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ পাছত শুকুৰবাৰে কৃষিখণ্ডৰ লগতে পশুপালন, মৎস্যপালন আৰু মৌপালনৰ ওপৰতো গুৰুত্ব দি ৮টা পদক্ষেপ ঘোষণা কৰে ৷ তদুপৰি আন তিনিটা প্রশংসনীয় প্রদক্ষেপো ঘোষণা কৰে বিত্তমন্ত্রীগৰাকীয়ে ৷ তেওঁ কয় যে ভাৰতৰ সর্বাধিক জনসংখ্যাই কৃষিৰ ওপৰত নির্ভৰ কৰে ৷ ইয়াৰে অধিকাংশই হ’ল ক্ষুদ্র আৰু মধ্য স্তৰৰ খেতিয়ক ৷ তেওঁ লগতে কয়– ভাৰতীয় কৃষকে সদায়ে প্রত্যাহ্বানৰ সময়ত সাহসেৰে থিয় দি আহিছে ৷ তেওঁলোকে বিশ্বত সুকীয়া স্থান দখল কৰিছে ৷ ভাৰত হ’ল গাখীৰ, মৰাপাট, দাইলৰ সর্বাধিক উৎপাদনকাৰী দেশ ৷ আনহাতে, কৃষকক যাতে কোনেও শোষণ কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে আইনীভাৱে দৃঢ় ব্যৱস্থা গ্রহণ কৰিব৷ আজি বিত্তমন্ত্রী সীতাৰমণে ঘোষণা কৰা পদক্ষেপসমূহ –
কৃষিখণ্ডৰ পৰিকাঠামো উন্নয়নৰ বাবে ১ লাখ কোটিৰ পেকেজ ৷ কৃষি পামসমূহৰ পৰা পোনপটীয়াকৈ গ্রাহকৰে সহযোগৰ চেষ্টা চলোৱা হ’ব ৷ ক’ল্ড ষ্ট’ৰেজ, ফচল কটাৰ পাছত সংৰক্ষণ, পৰিবহণসহ যাৱতীয় দিশসমূহত এই ধন ব্যয় কৰা হ’ব ৷ ইয়াৰ ফলত কৃষকৰ লগতে সংবায় সমিতিসমূহ উপকৃত হ’ব ৷ শীঘ্রেই ইয়াৰ কাম আৰম্ভ কৰা হ’ব ৷
ফুড প্রছেছিঙৰ বাবে ১০ হাজাৰ কোটি টকাৰ পেকেজ ৷ সৰু সৰু ফুড প্রছেছিং কেন্দ্রসমূহক ইয়াৰ জৰিয়তে পুনৰুজ্জীৱিত কৰা হ’ব ৷
মৎস্যপালনৰ বাবে ২০ হাজাৰ কোটি টকাৰ এক আঁচনি প্রস্তুত কৰা হৈছে ৷ সামুদ্রিক মৎস্য চিকাৰৰ বাবে ১১ হাজাৰ কোটি আৰু দেশৰ ভিতৰত মৎস্য চিকাৰৰ বাবে ৯ হাজাৰ কোটি খৰচ কৰা হ’ব ৷
ঘৰচীয়া জন্তুৰ টিকাকৰণত ৫৩ কোটি টকা ধার্য ৷ বিশেষকৈ মুখ আৰু ভৰিৰ ৰোগ নিৰাময়ৰ বাবে দিয়া হ’ব প্রতিষেধক ৷
দুগ্ধ পালনক পুনৰুজ্জীৱিত কৰিবলৈ ১৫ হাজাৰ কোটি টকাৰ পেকেজ ৷ দুগ্ধ পালনৰ আন্তঃগাঁথনিত এই ধন খৰচ কৰাৰ লগতে বেচৰকাৰী বিনিয়োগতো উৎসাহ যোগোৱা হ’ব ৷
ভেষজ আৰু ঔষধি উদ্ভিদ উৎপাদনৰ বাবে দিয়া হ’ব ৪ হাজাৰ কোটি ৷
মৌপালকৰ বাবে ধার্য কৰা হৈছে ৫০০ কোটি টকা ৷ গ্রামীণ অঞ্চলৰ ২ লাখ মৌপালক ইয়াৰ জৰিয়তে উপকৃত হ’ব ৷
কৃষি পণ্য পৰিবহণত ব্যয় কৰা হ’ব ৫০০ কোটি টকা ৷
প্রশাসনীয় সিদ্ধান্তৰ প্রথমটো হ’ল অত্যাৱশ্যকীয় পণ্য আইনৰ সংস্কাৰ ৷ ইয়াৰ জৰিয়তে খাদ্য–সামগ্রী মজুতৰ ঊর্ধ্বসীমা উঠাই দিয়া হ’ব৷ বাধ্য হৈ যাতে কৃষকে কম মূল্যত সামগ্রী বিক্রী কৰিব লগা নহয়, তাক নিশ্চিত কৰিব সংশোধিত আইনখনে ৷
আন এক আইনৰ জৰিয়তে নিশ্চিত কৰা হ’ব যাতে কৃষকসকলৰ ফচল বিক্রীত কোনো নিয়ন্ত্রণ নাথাকে ৷ অর্থাৎ কেৱল লাইচেঞ্চ থকা এজেণ্টক ফচল বিক্রী কৰাৰ কোনো বাধ্য–বাধকতা নাথাকিব৷ কৃষকে নিজৰ পছন্দৰ ক্রেতাক ফচল বিক্রী কৰিব পাৰিব ৷ আন্তঃৰাজ্যিক চুক্তিৰো অনুমতি দিয়া হ’ব ৷
কৃষকৰ ফচলৰ মূল্যৰ নিশ্চয়তা প্রদান কৰা হ’ব ৷ ইয়াৰ বাবে গ্রহণ কৰা হ’ব আইনী পদক্ষেপ ৷ উৎপাদনৰ পৰা ফচল কটা পর্যন্ত কৃষকসকলক সম্পূর্ণ নিশ্চয়তা প্রদান কৰা হয়৷ এই তিনিওটা প্রশংসনীয় পদক্ষেপৰ জৰিয়তে কৃষকৰ উপার্জন বৃদ্ধি কৰাটো সম্ভৱ হ’ব ৷