নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আৰু তিনিজন ব্যক্তি ক’ৰোনা ভাইৰাছত আক্রান্ত

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৬ মে’ : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৷ শুকুৰবাৰৰ দিনটোত নতুনকৈ ৩গৰাকী লোক ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৷ নিশা টুইটযোগে এই তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ আক্রান্ত তিনিওগৰাকী ৰোগীয়েই হ’ল কামৰূপ (মহানগৰ) জিলাৰ ৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে জনোৱা মতে, তিনিগৰাকী আক্রান্তৰ এগৰাকী পূর্বৰে পৰা সৰুসজাইত কোৱাৰেণ্টাইন কেম্পত আছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভর্তি হৈ থকা এগৰাকী ৰোগীৰ দেহতো ভাইৰাছবিধৰ উপস্থিতি পোৱা গৈছে ৷

ক’ৰোনা পজিটিভ হিচাপে আনগৰাকী ৰোগী ইতিমধ্যে কামৰূপ (মহানগৰ)ৰ পৰা পশ্চিমবংগলৈ গৈছে ৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত বুধবাৰৰ দিনটোতে একে দিনাই ১৫গৰাকীকৈ ক’ৰোনা আক্রান্ত চিনাক্ত হোৱাৰ পাছত সমগ্র মহানগৰীত এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে ৷ আজি পুনৰ তিনিওগৰাকী আক্রান্তই ৰাজধানী মহানগৰৰ হোৱাত সমগ্র কামৰূপ (মহানগৰ) জিলাৰ পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছে৷ এতিয়ালৈকে ৰাজ্যত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা হ’ল ৮৯ ৷ ইয়াৰে ৪১গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে৷ আন ৪৪গৰাকী বর্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷ আন দুগৰাকী আক্রান্ত বহিঃৰাজ্যৰ ৷

You might also like