সৰভোগৰ কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন কৰা ৰমেশ কুণ্টাক উদ্ধাৰ
নিয়মীয়া বার্তা, ১৭ মেঃ সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্রৰ মেডিকেল কোৱাৰেণ্টাইনৰ পৰা শুকুৰবাৰে ৰাজস্থানৰ মহেন্দ্রগঞ্জ জিলাৰ ৰেবাৰী গাঁৱৰ ৰমেশ কুণ্টা নামৰ লোকজনে পলায়ন কৰিছিল৷ লোকজনে কালি স্বাস্থ্য কেন্দ্রটোৰ আচবাব, দুৱাৰ–খিৰিকী আদিৰ ক্ষতিসাধন কৰি পলায়ন কৰিছিল৷
শনিবাৰে পুৱা প্রায় ৮ বজাত ৩১নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে চেক পোষ্টৰে এজন অসুস্থ লোক খোজকাঢ়ি গৈ থকা প্রত্যক্ষ কৰে৷ সৰভোগ আৰক্ষীৰ সন্দেহ হোৱাত লোকজনক চেক পোষ্টতে বহিবলৈ দিয়ে৷ পিছত সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্রৰ গাণনিক মৃণাল ৰঞ্জন দাসে উপস্থিত হৈ পলায়ন কৰা লোকজনক ৰাজস্থানৰ ৰমেশ কুণ্টা বুলি চিনাক্ত কৰে৷ লগে লগে আৰক্ষীয়ে লোকজনক পুনৰ কোৱাৰেণ্টাইন কেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰি সৰভোগ সমূহীয়া চিকিৎসালয়লৈ আনে৷