নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ দিন বন্ধ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰঃ অসমত আলু–পিঁয়াজৰ নাটনিৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৭ মেঃ উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰত এতিয়া মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংক৷ বিশ্বত সংহাৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণে ভীতিগ্রস্ত কৰি তুলিছে ফাঁচীবজাৰৰ ব্যৱসায়ী মহলক৷ ইয়াৰ পৰিপ্রেক্ষিতত কামৰূপ চেম্বাৰ অৱ কমার্চৰ আহ্বানত যোৱা ১৪ মে’ৰ পৰা বন্ধ ৰখা হৈছে ফাঁচীবজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ৷ ইয়াৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত খাদ্য–সামগ্রীৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে৷

বিশেষকৈ মহানগৰীৰ লগতে বিভিন্ন প্রান্তত আগন্তুক দিনত আলু–পিঁয়াজৰ নাটনি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ কিয়নো ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত মুংৰু সাহানী আৰু তেওঁৰ সংস্পর্শলৈ আহি ক’ভিড–১৯ত আন একাংশ শ্রমিক আক্রান্ত হোৱাৰ পাছত ছীল কৰি দিয়া হৈছে আলু–পিঁয়াজৰ গুদাম৷ তদুপৰি কামৰূপ জিলা প্রশাসনে চাংসাৰিত থকা ৩০টা আলু–পিঁয়াজৰ গুদামো ছীল কৰিছে৷ এই গুদামসমূহৰ পৰাই আলু–পিঁয়াজ আনি ফাঁচীবজাৰৰ জৰিয়তে পাইকাৰী ব্যৱসায়ীক বিক্রী কৰা হয়৷ সেয়েহে গুদামসমূহ ছীল কৰাৰ লগে লগে গুৱাহাটীলৈ আলু–পিঁয়াজ অহা প্রায় বন্ধ হৈ পৰিছে৷

সমান্তৰালভাৱে ফাঁচীবজাৰত আলু–পিঁয়াজৰ মূল ব্যৱসায়িক প্রতিষ্ঠানসমূহ থকা এম জি ৰোড কনটেইমমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ আলু–পিঁয়াজৰ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া বিনোদ সুৰানাই প্রকাশ কৰা অনুসৰি কেৱল গুৱাহাটীত দৈনিক ৮০ টন আলু–পিঁয়াজৰ প্রয়োজন হয়৷ উল্লেখ্য যে ফাঁচীবজাৰৰ লোককেইজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰাৰ পাছত হাহাকাৰ সৃষ্টি হৈছিল৷ কিয়নো মুংৰু সাহানীৰ শৰীৰলৈ কিদৰে ক’ৰোনা ভাইৰাছ সংক্রমণ ঘটিল, তাৰ উৎস পোহৰলৈ অহা নাই৷ অৱশ্যে মধ্যপ্রদেশ, মহাৰাষ্ট্র, বিহাৰ আৰু পশ্চিমবংগৰ পৰা আলু–পিঁয়াজ কঢ়িয়াই অনা ট্রাকসমূহৰ চালকসকলৰ পৰাই লোককেইজনৰ শৰীৰলৈ এই ৰোগ বিয়পি পৰা বুলি আশংকা কৰা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ফাঁচীবজাৰ ছেনিটাইজ কৰা বাবে সমূহ দোকান–পোহাৰ বন্ধ ৰখাৰ আহ্বান জনাইছিল কামৰূপ চেম্বার্ছ অৱ কমার্চে৷

ফলত যোৱা ১৪ মে’ৰ পৰা ফাঁচীবজাৰৰ দোকান–বজাৰসমূহ বন্ধ হৈ পৰে৷ একে সময়তে এই ঘটনাৰ পাছত খাদ্য–সামগ্রী কঢ়িয়াই অনা বাহনসমূহৰ ক্ষেত্রত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি ফাঁচীবজাৰত ক’ৰোনাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত খাদ্য–সামগ্রীৰ ট্রাকসমূহ অসমত প্রৱেশত বাধা আৰোপ কৰা হৈছে৷ এই সন্দর্ভত গাড়ীচালকসকলৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিব পৰা যায়, সেয়া যোগান বিভাগে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা অব্যাহত ৰাখিছে৷ অৱশ্যে ফাঁচীবজাৰ বন্ধ হ’লেও মহানগৰীৰ গণেশগুৰি, হাতীগাঁও, বেলতলা আদি থকা একাংশ পাইকাৰী ব্যৱসায়ীয়ে খাদ্য–সমগ্রী বিক্রী কৰি আছে৷ কিন্তু ফাঁচীবজাৰ বন্ধ হোৱাৰ সুযোগ লৈছে মহানগৰীৰ একাংশ অসাধু ব্যৱসায়ীয়ে৷

ফাঁচীবজাৰৰ দোকান–পোহাৰসমূহ বন্ধ হোৱাৰ সুযোগ লৈ বিভিন্ন সামগ্রীৰ মূল্যবৃদ্ধি কৰিছে৷ প্রাপ্ত তথ্য মতে, কালিৰ দিনটোত গণেশগুৰিৰ পাইকৰী বজাৰত প্রতিকুইণ্ট আলু ২,২০০ টকাকৈ বিক্রী কৰা হৈছে৷ এদিন পূর্বে ইয়াৰ মূল্য আছিল ১,৮২০ টকা৷ একে সময়তে প্রতিলিটাৰ মিঠাতেলৰ মূল্য ৫–১০ টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এতিয়াও সাৰ পোৱা নাই ৰাজ্যৰ যোগান বিভাগ৷ লকডাউনৰ সময়ছোৱাত একাংশ ব্যৱসায়ীয়ে খাদ্য–সামগ্রীৰ মূল্য বৃদ্ধি কৰি আহিছে যদিও বিভাগটোৱে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ মাজতে আজি ফাঁচীবজাৰত উপস্থিত হয় যোগান বিভাগৰ মন্ত্রী পণীভূষণ চৌধুৰী৷ ফাঁচীবজাৰ পৰিদর্শন কৰাৰ লগতে কামৰূপ চেম্বার্ছ অৱ কমার্চৰ সৈতে বৈঠকত মিলিত হয় মন্ত্রীজন৷ বৈঠকৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত খাদ্য–সামগ্রীৰ অভাৱ হ’বলৈ দিয়া নহ’ব৷

You might also like