মৰিগাঁও আৰক্ষীৰ মহানুভৱতাঃ মহাৰাষ্ট্ৰৰ বিকাশ চিন্দেক অতিথিৰ ময্যাদাৰে আশ্ৰয়
মহাৰাষ্ট্ৰ ৰ সমাজ সেৱী মুখত চালাম অসম আৰক্ষীঃসংকটৰ সময়ত অসম আৰক্ষীৰ মহানুভতা
নিয়মীয়া বাৰ্তা ১৮ মেঃ ক’ৰোনা যুদ্ধৰ এই মহা সংকটৰ সময়ত প্ৰথম শাৰীৰ সৈনিক ৰূপে অসম আৰক্ষীয়ে আইন শৃংখলা ৰক্ষা কৰাৰ পৰা দুৰ্গত জনক খাদ্য তথা ঔষধ যোগানলৈকে দিনে নিশাই অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। দেশত লকডাউন ঘোষণাৰ কিছু সময় পূৰ্বে মৰিগাঁও ত উপস্থিত হৈছিল মহাৰাষ্ট্ৰৰ এগৰাকী জনপ্ৰিয় সমাজ সেৱক বিকাশ চিন্দে। মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাৰ বাঠাৰ কিউৰি গাওঁ ৰ এই খেতিয়ক গৰাকীয়ে ২০১৫চনৰ পৰা নিজৰ ১১০চি চি বাজাজ প্লেটিনা বাইক খনেৰে বিভিন্ন সামাজিক বিষয় যেনে বেটি বছাও বেটি পঢ়াও ,জল সংৰক্ষণ , প্ৰকৃত্রি সুৰক্ষা আদিৰ প্ৰচাৰৰ বাবে পাঁচ বাৰকৈ সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছে। অতিশয় কষ্টকৰ যাত্ৰা কৰি অৰুণাচল প্ৰদেশ পৰা আহি আহি মৰিগাঁও ত উপস্থিত হোৱাৰ কিছু সময় পিছতে লকডাউন আৰম্ভ হোৱাৰ ফলত বিপাঙত পৰে বিকাশ। ইফালে হাতত ধনৰ অভাৱ তাতে কোনো হোটেল আশ্ৰয় ৰ উপায় নাই। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান হোটেল বন্ধ হৈ পৰিছিল। সেইদিনাই মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই সমস্ত কথা জানিব পাৰি বিকাশ ক মৰিগাঁও আৰক্ষীৰ অতিথিশালালৈ লৈ অহাৰ লগত সম্পূৰ্ণ থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে। বিগত ৫৩ দিন ধৰি ধৰি বিকাশ সম্পূৰ্ণ নিৰাপত্তাৰ মাজত মৰিগাঁও আৰক্ষীৰ অতিথিশালাত আছে। মৰিগাঁও আৰক্ষী অধীক্ষকৰ লগতে প্ৰতিজন আৰক্ষী বিষয়া কৰ্মচাৰীয়ে বিকাশৰ খবৰ ৰাখিছে প্ৰতিদিনে । প্ৰয়োজনীয় ক’ৰোনা পৰীক্ষাও কৰা হৈছে। অসম আৰক্ষীৰ তথা মৰিগাঁও আৰক্ষীৰ এই অতিথিপৰায়নতাত মুগ্ধ হৈ পৰা বিকাশে চকুলো টুকি কলে জীৱনৰ এই ৫৩ তা দিন তেওঁ কেতিয়াও নাপাহৰে। অসম আৰক্ষী তথা মৰিগাঁও ৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ক ভগৱান সদৃশ জ্ঞান কৰি বিকাশে কৈ উঠিল চালাম মৰিগাঁও পুলিচ, চালাম অসম পুলিচ। আনহাতে এই অতিথিসলাতে বিকাশে নিজৰ জন্মদিন পালন কৰিছিল ৬মে তাৰিখে। জন্মদিন উপলক্ষে মৰিগাঁও ৰ উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰে তেওঁৰ বাবে বিশেষ মাছৰ ব্যঞ্জন প্ৰস্তুত কৰাৰ কথা কৈ উচুপি উঠিছিল এইজন সমাজ কৰ্মীয়ে। মৰিগাঁও ৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সৈতে আলোচনা কৰি ইতিমধ্যে যাবলৈ সাজু হৈছে বিকাশ। লক্ষ্য তেওঁ মটৰ চাইকেলেৰে ৫লাখ কিল মিটাৰ অতিক্ৰম কৰা।