নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ক’ভিড–১৯ত আক্রান্ত ৰৌতাৰ যুৱক কৃষ্ণ নিৰোলা

নিয়মীয়া বাৰ্তা, ১৯ মে’: ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিধ্বস্ত কৰা আমেৰিকাত ক’ভিড–১৯ ত আক্রান্ত হৈছে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তর্গত তাৰাজুলি গাঁৱৰ কৃষ্ণ নিৰোলা নামৰ এজন যুৱক৷ এলাহাবাদৰ সংস্কৃত বিদ্যালয়ত নিজৰ গুৰুকুলীয় শিক্ষা সমাপ্ত কৰি এক স্বেচ্ছাসেৱী সন্থাৰ উদ্যোগত আমেৰিকালৈ গৈ তাতে স্থায়ীভাৱে বসবাস কৰা ৰৌতাৰ কৃষ্ণ নিৰোলা নামৰ যুৱকজন ক’ভিড–১৯ ত আক্রান্ত হোৱাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰাৰ পিছত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷ অৱশ্যে যুৱকজন বর্তমান সুস্থ অৱস্থাতেই আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

কৃষ্ণ নিৰোলাৰ পৰিয়ালৰ পৰা প্রাপ্ত তথ্য মতে, আমেৰিকাৰ কলম্বাছ ওহায়ো নামৰ চহৰত বাস কৰা কৃষ্ণ নিৰোলা নামৰ যুৱকজনে আমেৰিকাতেই থকা তেওঁৰ আত্মীয় এগৰাকীৰ অন্তিম সৎকাৰত অংশ লৈছিল৷ পিছত উক্ত পৰিয়ালৰ লোক ক’ভিড–১৯ পজিটিভ হোৱাৰ খবৰ লাভৰ পিছত কৃষ্ণৰ স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ শৰীৰতো ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ উক্ত খবৰ ফোনযোগে পৰিয়ালৰ লোকক দিয়াৰ লগতে বর্তমান তেওঁ সুস্থ অৱস্থাতেই আছে বুলি জানিবলৈ দিয়ে৷

কিন্তু আশ্চর্যকৰ খবৰ এয়ে যে ক’ভিড–১৯ পজিটিভ হোৱাৰ পিছতো ৰৌতাৰ কৃষ্ণ নিৰোলাক আমেৰিকাৰ কোনো এখন চিকিৎসালয়ত ভর্তি কৰোৱা হোৱা নাই৷ তেওঁক নিজ ঘৰতেই হোম কোৱাৰেণ্টাইন কৰাৰ নির্দেশ দি তাতেই তেওঁৰ স্বাস্থ্যৰ খবৰ ৰাখিছে স্বাস্থ্যকর্মীসকলে৷ কিন্তু আমেৰিকাৰ দৰে উন্নত আৰু শক্তিশালী ৰাষ্ট্রতো ক’ভিড–১৯ আক্রান্ত লোকক চিকিৎসালয়লৈ নিয়া হোৱা নাই৷ এই সংক্রান্তত কৃষ্ণই পৰিয়ালৰ লোকক সদৰী কৰা মতে, আমেৰিকাত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ইমানেই বেছি হৈছে, প্রতিজন ৰোগীক চিকিৎসালয়ত ভর্তি কৰোৱাই চিকিৎসা কৰোৱা একপ্রকাৰ অসম্ভৱ হৈ পৰিছে৷ যিসকল ৰোগীৰ অৱস্থা অতিকৈ শোচনীয় তেওঁলোকৰ বাহিৰে আন ক’ভিড আক্রান্তসকলক নিজ ঘৰতেই কোৱাৰেণ্টাইন কৰি স্বাস্থ্যকর্মীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আছে৷ মুঠতে আমেৰিকাত ক’ভিড–১৯ত আক্রান্ত হোৱা ৰৌতাৰ যুৱক কৃষ্ণৰ ভাষ্যত ওলাই পৰিছে আমেৰিকা যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু আমেৰিকাৰ স্বাস্থ্য খণ্ডৰ বিধ্বস্ত স্বৰূপ৷

আমেৰিকাৰ দৰে উন্নত তথা স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্রত বিশ্বৰ ভিতৰতেই শ্রেষ্ঠ দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণে দেশখনৰ লগতে স্বাস্থ্যখণ্ড কেনেদৰে বিধ্বস্ত কৰি তুলিছে, সেয়া তেওঁৰ ভাষ্যত স্পষ্ট হৈ পৰাৰ লগতে ভাৰতবর্ষত যদি আমেৰিকাৰ দৰে ক’ৰোনাৰ সংক্রমণ বিয়পি পৰে, তেনেহ’লে ভাৰতবর্ষৰ স্বাস্থ্যখণ্ডৰ অৱস্থা কেনেকুৱা হ’ব সেয়া সহজেই অনুমেয়৷ অৱশ্যে ক’ভিড–১৯ আক্রান্ত হৈ নিজ কর্তব্যত যোগদান কৰিব নোৱাৰা ৰৌতাৰ কৃষ্ণ তথা তেওঁৰ পৰিয়ালৰ লোকক খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি আন সকলো সুবিধা চৰকাৰে ঘৰতেই উপলব্ধ কৰা বুলি জানিবলৈ দিছে৷

You might also like