নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰীয়া জিলা কাৰ্বিআংলঙৰ প্ৰথম জন ক’ভিড-১৯ পজিটিভ ডিলাইৰ প্ৰেম তামাং

উৰাবাতৰিয়ে অধিক ভীতিগ্ৰস্থ কৰিছে বোকাজানবাসীক

নিয়মীয়া বাৰ্তা ১৯ মেঃ সমগ্ৰ ৰাজ্যজুৰি শেহতীয়াকৈ ক’ৰোনাৰ আগ্ৰাসনে ভয়াবহ ৰূপ লোৱাৰ সময়তে এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে ক’ৰোনাত আক্ৰান্ত হল এজন। পাহাৰীয়া জিলা কাৰ্বিআংলঙত প্ৰথমজন ক’ভিড-১৯ আক্ৰান্ত ৰোগী প্ৰেম তামাংক ইতিমধ্যে চিনাক্ত কৰা হৈছে। বোকাজান মহকুমাৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত কাশ্মীৰী ঢিলাৰ বাসিন্দা প্ৰেম তামাং(২৪) নামৰ যুৱক জন তামিলনাডুত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। যোৱা ১৬ মেৰ দিনা তামাং ০৬১৪৪ নম্বৰৰ ৰেলখনেৰে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহে আৰু পাছত জিলা প্ৰশাসনে গুৱাহাটীৰ পৰা আন ২২ন জন লোক এছ-০২-এচি ৭৩৭৭ নম্বৰৰ এখন বাছেৰে ডিফুলৈ আনি ডিফুৰ সিংহাসন হোটেল কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখে। ইয়াৰ পিছত ডিফু মেডিকেল কলেজ হস্পিতালত কোৱাৰেণ্টাইন কেন্দ্ৰত তামাংসহ ২২ গৰাকীকৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত কেৱল প্ৰেম তামাঙৰ শৰীৰত ক’ভিড-১৯ পজিটিভ বুলি ধৰা পৰে। ইপিনে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যোগে বাৰ্তালাপ কৰি আজি পুৱা ২৪ বছৰীয়া প্ৰেম তামাঙক গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে আজিলৈকে বোকাজান মহকুমাৰ মুঠ ৫২ জন লোক টি এন চি হোটেল, মা ভৱানী ল’জ, প্ৰিয়ংকা হোটেল ল’জ, অমৃত হোটেল, ধনশিৰি হোটেল, হোটেল ইক ৰেইনচ-ইন, ৰিয়েল হোটেল, ড্ৰিমস্বাই হোটেল, পেৰেডাইজ হোটেল আৰু ছাই স্পৰ্টছ হোষ্টেল কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইনত ৰখা হৈছে। এই লোক সকল দিল্লী, চেন্নাই, বিহাৰ, ৱেষ্ট বেংগল, গুৱালিয়ৰ, হায়দৰাবাদ, নাগালেণ্ড আদি বহিঃ ৰাজ্যৰ পৰা বিশেষ ৰেল সেৱা যোগে অথবা নিজা গাড়ীৰে অহাৰ পাছত আৰক্ষী প্ৰশাসনে কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত অহা ১৬ জন লোকৰ ভিতৰত ৮ জন লোকৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি আহিছে আৰু আন ৮ জনৰ বৰ্তমানলৈকে স্বাস্থ্য পৰীক্ষাৰ ফলাফল অহা নাই। দ্বিতীয় পৰ্যায়ত বৰ্তমানলৈকে ৩৮ গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে।
উল্লেখ্য যে খটখটীস্থিত চি আৰ পি এফ গ্ৰুপ চেণ্টাৰৰ ডি আই জি গৰাকীও ৰেড জ’ন দিল্লীৰ পৰা আহিছে যদিও তেওঁ ক’ভিড ১৯ ৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গুৱাহাটীত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্তমান তেওঁ খটখটীস্থিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰত কোৱাৰেণ্টাইন থকাৰ লগতে আন এগৰাকী চি আৰ পি এফ গ্ৰুপ চেণ্টাৰতে কোৱাৰেণ্টাইন হৈ আছে বুলি জানিব পৰা হৈছে। অৱশ্যে চি আৰ পি এফ জোৱানজনৰ ক’ভিড-১৯ৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা ইয়াৰে চিকিতসকে সম্পন্ন কৰিছে। ইয়াৰ উপৰি বহিঃ ৰাজ্যৰ অহা বুলি ৬ গৰাকী লোকক হিন্দিপি অঞ্চলত ৰাইজে খেদাখেদি কৰাত উক্ত লোককেইজনকো আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানস্থিত হোটেল ড্ৰিম স্বাইত কোৱাৰেণ্টাইনত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। লক্ষণীয় কথা হৈছে যে বৰ্তমান বোকাজানত যি সকল লোকক আৰক্ষী-প্ৰশাসনে কোৱাৰেণ্টাইন ৰাখিছে সেই সকল লোক বোকাজানৰ দোকান-পোহাৰলৈ ওলাই আহিছে বুলি সঘনাই এক উৰাবাতৰি প্ৰচাৰ হৈ থকাত এতিয়া বোকাজানৰ লোক সকল ভীতিগ্ৰস্থ হৈ পৰাৰ লগতে যথেষ্ট শংকিত হৈ পৰাও পৰিলক্ষিত হৈছে। বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ ডেকা আৰু বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষী প্ৰশাসনে বোকাজানৰ কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহ তীক্ষ্ণ নজৰত ৰখাৰ পাছতো একাংশই উৰা বাতৰি প্ৰচাৰ কৰি বোকাজানৰ ৰাইজক শংকিত কৰি তোলা কাৰ্যত সচেতন লোকে আশ্চৰ্য প্ৰকাশ কৰিছে।

You might also like