নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মদনপুৰৰ কণ্টেইনমেন্ট জ’নত বহিৰাগত কৰ্মচাৰীৰ দ্বাৰা চলিছে উদ্যোগৰ কাম কাজ 

বনবিভাগেও চলাই নিছে এই জ'নতে গাড়ী ৰখাই চালান পৰীক্ষণৰ কাম। 

নিয়মীয়া বাৰ্তা ১৯ মেঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ভিড- ১৯ পজিটিভ ৰোগীৰ সংখ্যা চক্ৰবৃদ্ধি হাৰত দিনক দিনে বৃদ্ধি হৈ থকাৰ পিছতো একাংশৰ এতিয়াও গা লৰা নাই । এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কণ্টেইনমেন্ট জ’ন তথা বাফাৰ জ’ন ঘোষিত এলেকা সমূহৰ উচিত সীমা নিৰ্ধাৰণ কৰি ৰে’ড জ’নৰ মৰ্যাদা দিয়াৰ পোষকতা কৰিছে । এনে সন্ধিক্ষণত কণ্টেইনমেন্ট জ’ন সমূহত প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাৰ বিপৰীতে  শিথিলতা প্ৰদৰ্শন কৰাহে পৰিলক্ষিত হৈছে ।তেনে এক উদাহৰণ  হৈছে কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানা এলেকাৰ মদনপুৰক কেন্দ্ৰ কৰি ঘোষিত কণ্টেইনমেন্ট জ’ন এলেকাত ।

প্ৰাপ্ত খবৰ মতে, এই কনটাইনমেন্ট জ’নত প্ৰায় ২৫ টা সৰু বৰ উদ্যোগ, গাড়ী পাৰ্কিং আদিৰ কাম চেগা চোৰাংকৈ চলি থকাৰ বিপৰীতে নিৰ্মীয়মান টোলগেটৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে ।দেউদুৱাৰত অৱস্থিত গেলেক্সি ৰূফ্ নামৰ টিনপাত নিৰ্মাণকাৰী উদ্যোগ এটাই দিনৰ পোহৰতে তেওঁলোকৰ কাম কাজ চলাই থকা পৰিলক্ষিত হৈছে । সচেতন একাংশ ৰাইজৰ অভিযোগ অনুসৰি উদ্যোগটোক ৰক্ষনা বেক্ষণ দিয়া একাংশ স্থানীয় ভেড়োনীয়া বাহিনীয়ে শাসনাধিস্থ দলৰ দোহাই দি আৰক্ষী, প্ৰশাসনৰ পৰা উদ্যোগ টোক ছত্ৰছায়া দি আহিছে । আনহাতে ” ইয়ৰ্ক  প্ৰিন্ট” নামৰ প্ৰিন্টিং কোম্পানীটোৱে বন্ধ ৰখা বুলি জনোৱাৰ বিপৰীতে দৈনন্দিন কৰ্মচাৰীৰ আহ যাহ তথা সামগ্ৰী ভৰ্তি ট্ৰাকৰ ওলোৱা সোমোৱা ৰাইজে প্ৰত্যক্ষ কৰিছে বুলি জানিবলৈ দিছে । আন কেইবাটাও কোম্পানী,তথা উদ্যোগৰ কাম কাজ গেট বন্ধ কৰি বাহিৰৰ কৰ্মচাৰীৰ দ্বাৰা নিয়মীয়াকৈ চলাই থকা বুলিও গোপন সূত্ৰে জানিব পৰা গৈছে । ইফালে মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ উদ্যোগৰ কৰ্মচাৰী এজনৰ শৰীৰত ক’ভিড -১৯ পজিটিভ পোৱাৰ পিছত পাঁচশ মিটাৰলৈ ছীল এলেকা হিচাপে প্ৰশাসনে ঘোষণা কৰাৰ পিছতো ৰাষ্ট্ৰীয় পথৰ টোলগেটৰ কাম পূৰ্ণ গতিত চলি আছে । দেৱৰাজ আচাৰ্য থকা ভাড়া ঘৰটোৰ পৰা মাত্ৰ ৮০ মিটাৰ দুৰত্বত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকাৰীয়ে বহিৰাগত বনুৱা কৰ্মচাৰীৰ দ্বাৰা অহৰ্নিশে টোলগেটৰ কাম অব্যাহত ৰাখি অঞ্চলটোৰ জনতাক আতংকিত কৰি ৰাখিছে । কণ্টেইনমেন্ট জ’ন যেন ক’ৰোনা প্ৰতিৰোধ কৰিবলৈ নহয়, দুখীয়া পৰিয়াল সমুহক হাৰাশাস্তি কৰিবলৈ তথা পুঁজিপতি সকলৰ ধন আহৰণ পথ প্ৰশস্ত কৰিবলৈহে ঘোষণা কৰা হয় এতিয়া এই অঞ্চলত সেয়াই প্ৰতিপন্ন হৈছে । এই বিষয় সন্দৰ্ভত সম্প্ৰতি আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈয়ো সচেতন মহলত বিভিন্ন চৰ্চাও সমালোচনা আৰম্ভ হৈছে। তাৰোপৰি গোপেশ্বৰৰ কণ্টেইনমেন্ট জ’নতে ৰাষ্ট্ৰীয় ঘাইপথত বনবিভাগৰ একাংশই চালান পৰীক্ষণৰ নামত আজিলৈকে প্ৰায় এসপ্তাহ ধৰি বিভিন্ন শিল বালিৰ গাড়ী ৰখাই একপ্ৰকাৰে আতংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক। যাৰবাবে উক্ত কণ্টেইনমেন্ট এলেকাৰ শংকিত ও আতংকিত ৰাইজৰ একাংশই শীঘ্ৰেই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে যোৱা শনিবাৰে কাৰ্য্যভাৰ গ্ৰহণ কৰা কৈলাশ কাৰ্তিক এনৰ লগতে চৰকাৰ তথা উচ্চস্তৰীয় বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে।

You might also like