নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৪ কোটিয়ে হেৰুৱালে সংস্থাপন

নিয়মীয়া বাৰ্তা, ২৩ মেঃ  ক’ৰোনা সংকটে বিধ্বস্ত কৰা আমেৰিকা যুক্তৰাষ্ট্রত প্রতিদিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ দেশখনত এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবেই ৪ কোটিয়ে সংস্থাপন হেৰুৱাব লগাত পৰিছে৷ বিগত দুমাহ ধৰি ক’ভিড–১৯ত বিধ্বস্ত দেশখনত নিবনুৱা ভাট্টা তথা নিবনুৱাৰ লাভ বিচাৰি আবেদন কৰা লোকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে৷

শ্রম বিভাগৰ তথ্যত প্রকাশ পোৱা মতে, বিগত সপ্তাহত দেশখনত প্রায় ২৪ লাখ লোকে নিবনুৱা ভাট্টা বিচাৰি নাম পঞ্জীয়ন কৰিছে৷ এই লৈ বিগত দুমাহত দেশখনত নিবনুৱাৰ ভাট্টা বিচাৰি আবেদন কৰা লোকৰ সংখ্যা ৪ কোটিলৈ বৃদ্ধি পালে৷ দেশৰ চৰকাৰৰ বাবে ভয়াৱহ সমস্যা হিচাপে মূৰ দাঙি উঠা এই নিবনুৱাৰ হাৰ বিগত ১০ বছৰৰ তুলনাত ১০ গুণ বৃদ্ধি হৈছে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবলৈ লকডাউনৰ ফলত দেশখনৰ প্রান্তে প্রান্তে সকলোধৰণৰ বজাৰ বন্ধ হোৱাৰ পৰিপ্রেক্ষিতত আর্থিক দিশটোত প্রচণ্ড প্রভাৱ পৰিছে৷

চলিত বর্ষৰ প্রথম ত্রিমাসিকত দেশৰ আর্থিক বিকাশৰ হাৰ পূর্বৰ তুলনাত ৪.৪ শতাংশ নিম্নগামী হৈছে৷ বন্ধৰ বাবে উদ্যোগ, কাৰখানা, বজাৰ, বাণিজ্যিক প্রতিষ্ঠান অচল হৈ পৰাত বিস্তৰ ৰাজহ লোকচানৰ সন্মুখীন হোৱাত কোম্পানীসমূহে কর্মচাৰী চাটাই কৰিবলৈ আৰম্ভ কৰিছে৷ এনে পৰিপ্রেক্ষিততেই নিবনুৱাৰ হাৰ ধাৰণা কৰাতকৈ অধিক বর্ধিত হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণ এনেদৰে চলি থাকিলে দেশৰ নিবনুৱাৰ সমস্যা অধিক জটিলৰ পৰা জটিলতৰ দিশে আগবাঢ়িব বুলি অর্থনৈতিক বিশ্লেষকে মন্তব্য কৰিছে৷

You might also like