গাড়ীৰ পার্টছেৰে ভেণ্টিলেটৰ সাজিলে কিশোৰীয়ে By নিয়মীয়া বাৰ্তা On May 23, 2020 Share নিয়মীয়া বাৰ্তা, ২৩ মেঃ সন্ত্রাস আৰু যুদ্ধবিধ্বস্ত আফগানিস্তানত ক’ভিড–১৯ যুঁজত অৰিহণা যোগোৱাৰ বাবে গাড়ীৰ পার্টছেৰে ভেণ্টিলেটৰ নির্মাণ কৰিলে দেশৰ এগৰাকী কিশোৰীয়ে৷ ক’ভিড–১৯ ৰোগীক শুশ্রূষাৰ বাবে প্রয়োজনীয় ভেণ্টিলেটৰ বহনক্ষম ব্যয়েৰে সাজি উলিয়াইছে ‘আফগান ড্রীমার্ছ’ হিচাপে পৰিচিত আফগানৰ কন্যাৰ এটি দলে৷ উল্লেখ্য যে দেশখনৰ ৩৮.৯ নিযুত জনসংখ্যাৰ বাবে মাত্র চাৰিশ ভেণ্টিলেটৰ আছে৷ এনে পৰিপ্রেক্ষিতত ক’ভিড–১৯ ৰোগী বৃদ্ধি পালে ভেণ্টিলেটৰৰ প্রয়োজন হ’ব৷ তাৰ বাবে আফগান ড্রীমার্ছ–এ টয়টা ক’ৰলা আৰু হুণ্ডা মটৰচাইকেলৰ পার্টছ ব্যৱহাৰ কৰি ভেণ্টিলেটৰ সাজিলে৷ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ উদ্ভাৱনৰ বাবে বঁটা লাভ কৰা নাহিদ ৰ’হিমী নামৰ ১৭ বছৰীয়া কিশোৰীজনীয়ে এই ভেণ্টিলেটৰ সজাত নেতৃত্ব লৈছে৷ Share