নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংগেশ্বৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীক আটক

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগেশ্বৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ন-বোৱাৰী ছালেমা খাতুনৰ মৃতদেহ | ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ আসক্ত স্বামী ওমৰ ফাৰুকক।

উল্লেখ্য যে ভখুৰাদিয়া মহিশখুঁটি গাঁৱৰ আবু বক্কৰ ছিদ্দিক নামৰ লোকজনৰ জীয়ৰী ছালেমা খাতুন ৰংগেশ্বৰী গাঁৱৰ ৰহিম বাদশ্বাৰ পুত্ৰ ওমৰ ফাৰুকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অভিযোগ অনুসৰি বিয়াৰ পাছৰে পৰা নানাধৰণৰ নিৰ্যাতন চলায় ড্ৰাগছ আসক্ত স্বামী ওমৰ ফাৰুক আৰু পৰিয়ালৰ লোকে |

আজি পুৱতি নিশা হঠাৎ ন-বোৱাৰীগৰাকীৰ মৃতদেহ ওলমি থকা অৱস্থাত ঘৰৰ কাষতে প্ৰত্যক্ষ কৰে একাংশই | ইফালে, এই ঘটনাক সহজভাৱে ল’ব পৰা নাই বোৱাৰীগৰাকীৰ মাতৃ পৰিয়ালে।তেওঁলোকৰ মতে এয়া পৰিকল্পিত হত্যাকাণ্ড | হত্যা কৰি আত্মহননৰ ৰূপ দিব বিচাৰিছে বুলি মাতৃ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত টুপামাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে | উল্লেখ্য যে মূল অভিযুক্ত ওমৰ ফাৰুকক গ্ৰেপ্তাৰ কৰিছে টুপামাৰী আৰক্ষীয়ে। দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২১ জুলাই :

You might also like