চৰকাৰী বিতৰণত কেলেংকাৰী: চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক অনিয়ম আৰু দূৰ্নীতিৰ অভিযোগত শুকুৰবাৰে মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত অহা তদন্তকাৰী আৰক্ষী দল এটাৰ সহযোগত চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিব হেমন্ত কুমাৰ নাথক আটক কৰে।
উল্লেখ্য বিগত কেইটামান বছৰ ধৰি সমবায় সমিতিৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত অহা কেৰাচিন তেলৰ একাংশ হৰলুকি কৰি কলা বজাত বিক্ৰী কৰা আৰু চৰকাৰী নিৰিখতকৈ অধিক দামত গ্ৰাহক ৰাইজক বিক্ৰীকৰি চৰকাৰী নীতি নিয়মধোঁৱা চাঙত তুলি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপনহৈ আহিছিল ।এনে এক সময়তে অঞ্চলৰ ৰাজহুৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে সমবায় খনৰ সচিব হেমন্ত কুমাৰ নাথক কাৰ্যালয়ৰ পৰা গেপ্তাৰ কৰে।
আনহাতে সচিব হেমন্ত কুমাৰ নাথৰ দুৰ্নীতিৰ বাতৰি কেইবাখনো বাতৰি কাকতত প্ৰকাশ পোৱাৰ পাছৰ পৰা মিকিৰভেটা আৰক্ষী থানাৰ আৰক্ষী বিষয়া মৃদুল হাজৰিকাই তদন্ত অব্যাহত ৰাখিছিল আৰু তদন্তৰ অন্তত শুকুৰবাৰে সমবায় সমিতিৰ কাৰ্য্যালয়ৰ পৰাই 142 / 2020 নম্বৰৰ গোচৰৰ ভিত্তিত সচিব গৰাকীক গেপ্তাৰ কৰে|
উল্লেখ যে, সৎ তথা সাহসী বিষয়া মৃদুল হাজৰিকাই বিগত সময়তো মিকিৰভেটা থানৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অপৰাধীৰ বিষয়ে অভিযান চলাই সফল হোৱাৰ লগতে নিষ্ঠা,সততা তথা সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷