ক’ৰোনা সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ
নিয়মীয়া বাৰ্তা, ২৩ মে’: আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোনযোগে বাৰ্তালাপ কৰে । ক’ভিড-19 সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ।
ইপিনে মুখ্যমন্ত্ৰী সোণোৱালৰ এই অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ই৷
চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিককে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব ।