নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত লকডাউন উলংঘাকাৰী ক্রেতা আৰু বিক্রেতা ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক স্মাৰক পত্ৰ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা ২৩ মেঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ এটি প্ৰতিনিধি দলে মৰিগাঁও জিলা উপায়ুক্তক মৰিগাঁও চহৰত লক ডাউন কঠোৰ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতি ভাৰপ্ৰাপ্ত সভাপতি ফাৰুক হুছেইন আৰু সাধাৰণ সম্পাদক মাধুৰ্য্য ময়ূৰ বৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে ক’ভিড ১৯ এ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে । ফলত ভাৰতবৰ্ষ লগতে অসমতো চর্তুথ পৰ্যায় লকডাউন চলি আছে কিন্তু ঈদৰ গইনা লৈ একাংশ অসচেতন ব্যৱসায় সামাজিক দূৰত্ব , মাৰ্ক্স , চেনিটাইজাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই । এনেক্ষেত্ৰত সেই অসচেতন দোকানৰ মালিক তথা বিক্রেতা আৰু ক্রেতা সকলৰ অসাৱধানতা বাবে মৰিগাঁও জিলাখনত এক ভয়ানক পৰিস্থিতি হোৱা সম্ভাৱনা আছে । সেইহে উপায়ুক্ত মহোদয়ক এই লকডাউন নিয়ম নমনা দোকান সমূহ আৰু গ্ৰাহক ওপৰত কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায় । এই প্ৰতিনিধি দলটোত পৰিষদৰ সদৰ সমিতি বিত্ত সম্পাদক ভাস্কৰজ্যোতি বৰা আৰু যুটীয়া সম্পাদক প্ৰাণজিত ঠাকুৰীয়া ও উপস্থিত থাকে ।

You might also like