নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক; শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত প্ৰস্তাৱ দাখিল কৰিবলৈ দিলে নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ২৩ মে’: আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকল আৰু ডীনসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত ক’ভিড-১৯ ৰ আতংক প্ৰশমিত কৰা আৰু জনগণৰ মনোবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’বলৈ বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিবৰ্গক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ইয়াৰ লগতে মাস্কৰ ব্যৱহাৰ, স্বচ্ছতা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱক আৰু ছাত্র-ছাত্ৰীসকলক সজাগ কৰিবলৈও প্ৰতিনিধিবৰ্গক তেখেতে আহ্বান জনায়।

তদুপৰি, এই জটিল পৰিস্থিতিত শিক্ষাৰ্থীসকলে যাতে বিভিন্ন মাধ্যমযোগে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় কৌশল সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই চৰকাৰক এক প্ৰস্তাৱ দাখিল কৰিবলৈ বিভাগীয় মুৰব্বী আৰু ডীনসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

You might also like