খেলপথাৰতো সামাজিক দূৰত্ব মানিব লাগিব খেলুৱৈ–আম্পায়াৰে
নিয়মীয়া বার্তা,২৪ মেঃ সমগ্র বিশ্বক স্তব্ধ কৰি দিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ পিছত ক্রিকেট পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিল৷ ইয়াৰ বাবে আই চি চিয়ে কালি খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ এক নতুন নীতি–নির্দেশনা জাৰি কৰে৷ এই অনুসৰি সকলো আন্তঃৰাষ্ট্রীয় আৰু ঘৰুৱা ক্রিকেট প্রতিযোগিতাত খেলুৱৈ তথা আম্পায়াৰে খেলপথাৰৰ বাহিৰে–ভিতৰে সামাজিক দূৰত্বৰ নিয়ম পালন কৰিব লাগিব৷ মেচৰ সময়ত আৰু অনুশীলনৰ সময়ত খেলুৱৈসকলক সতীর্থৰ পৰা ১.৫ মিটাৰ দূৰত্ব বর্তাই ৰাখিবলৈও আই চি চিয়ে নতুন নীতি–নির্দেশনাত আহ্বান জনাইছে৷ একেদৰে খেলুৱৈসকলক উল্লাস প্রদর্শন কৰাৰ সময়ত সতীর্থৰ সৈতে শাৰীৰিক সংস্পর্শলৈ নাহিবলৈও আই চি চিয়ে নির্দেশ জাৰি কৰিছে৷ তদুপৰি খেলপথাৰত এতিয়াৰে পৰা কোনো খেলুৱৈয়ে নিজৰ টুপী, টাৱেল, জার্ছি অথবা ছানগ্লাছ সতীর্থৰ সৈতে আদান–প্রদান কৰিব নোৱাৰিব৷ এই ব্যক্তিগত সামগ্রীসমূহ খেলুৱৈয়ে আম্পায়াৰৰ হাততো অর্পণ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ বল স্পর্শ কৰাৰ পিছত বলাৰসকলে সঘনাই হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক কৰা হৈছে৷ আম্পায়াৰে বল স্পর্শ কৰাৰ পূর্বে গ্ল’ভছ পৰিধান কৰিব লাগিব৷ ইফালে, আই চি চিৰ ক্রিকেট কমিটীৰ পৰামর্শ অনুসৰি বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ক্রিকেটত সাময়িকভাৱে থুৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে৷ ইয়াৰ সলনি বলাৰে বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ঘাম ব্যৱহাৰ কৰিব পাৰিব৷ তদুপৰি মেচৰ পূর্বে প্রতিগৰাকী খেলুৱৈৰ ক’ৰোনা টেষ্ট সম্পন্ন হ’ব বুলিও আই চি চিয়ে সদৰী কৰিছে৷