আইপিএলে সহায় কৰিছে ইংলেণ্ডক
নিয়মীয়া বাৰ্তা, ২৪ মেঃ আই পি এলে ইংলেণ্ড ক্রিকেটৰ উন্নয়নত উল্লেখনীয় ভূমিকা গ্রহণ কৰিছে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ছ বাটলাৰে৷ ২০১৯ৰ বিশ্বকাপ বিজয়ী ইংলেণ্ড দলৰ উইকেটৰক্ষকগৰাকীয়্ আই পি এলক ভূয়সী প্রশংসা কৰি কয় যে বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ জৰিয়তে ইংলেণ্ডৰ বহু ক্রিকেটাৰে প্রতিভা প্রদর্শনৰ সুযোগ লাভ কৰিছে৷ ‘নিঃসন্দেহে আই পি এলে ইংলেণ্ডৰ ক্রিকেটৰ বিকাশত অভূতপূর্ব প্রভাৱ পেলাইছে৷ মোৰ মতে আই পি এল হ’ল বিশ্বকাপৰ পিছতে বিশ্বৰ সর্বশ্রেষ্ঠ ক্রিকেট প্রতিযোগিতা৷ আই পি এলৰ দৰে এক ঐশ্বর্যশালী লীগত খেলাৰ সপোন মই শৈশৱৰ পৰাই দেখি আহিছিলোঁ৷ একেটা দলতে বিৰাট কোহলি, এ বি ডি ভিলিয়ার্ছ, ক্রিছ গেইল আদিৰ দৰে বেটছমেনক দেখিবলৈ পোৱাটো সঁচাকৈয়ে অতুলনীয়৷ ’ –জ’ছ বাটলাৰে এইদৰে কয়৷ মুম্বাইৰ হৈ আই পি এলত অভিষেক ঘটোৱা বেটছমেনগৰাকীয়ে যোৱা দুবছৰ ধৰি ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে৷