শুৱালকুছিৰ ২৭০০ শিপিনীক আর্থিক সাহায্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰাজ্যৰ ক’ৰোনা যুদ্ধৰ প্রধান সেনানী তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুৱালকুছিৰ শিপিনীলৈ আগবঢ়াইছে ১০০০ টকাৰ এককালীন সাহায্য৷ উল্লেখ যে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে চলি থকা লকডাউনে শুৱালকুছিৰ ঐতিহ্যমণ্ডিত পাট–মুগাৰ বস্ত্রশিল্পলৈ কঢ়িয়াই আনিছে প্রবল ভাবুকি৷ ৰাজ্যখনৰ লগতে দেশ–বিদেশৰ বজাৰ বন্ধ হৈ পৰাত প্রায় দুমাহে শুৱালকুছিৰ উৎপাদিত বস্ত্রসমূহ বিক্রীৰ অভাৱত শুৱালকুছিতে মূল্যহীন হৈ পৰি আছে৷ ফলত ইয়াৰ শিপিনী–যোগালি আৰু ক্ষুদ্র ব্যৱসায়ীসকল ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ জমা হৈ থকা পাট–মুগাৰ কাপোৰ বজাৰৰ অভাৱত বিক্রী কৰিব নোৱাৰাত শিপিনীসকলে মজুৰি পোৱাটোও কঠিন হৈ পৰে৷ স্থানীয় শিপিনীসকলে চৰকাৰীভাৱে যোগান ধৰা বিনামূলীয়া চাউল–দাইল লাভ কৰিবলৈ সক্ষম হয় যদিও শুৱালকুছিৰ বাহিৰৰ অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা শিপিনীসকলৰ খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কার্ড নথকাত তেওঁলোক সকলো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হ’ব লগা হয়৷ ইয়াৰে কিছসংখ্যক শিপিনী নিজৰ নিজৰ ঘৰলৈ উভতি যায় যদিও কিছুসংখ্যকে সকলো সমস্যা মূৰ পাতি লৈ ইয়াতে থাকে৷ ভুক্তভোগী শিপিনীসকলক চৰকাৰে সহায়ৰ হাত আগবঢ়াব লাগে বুলি শুৱালকুছিৰ সাংবাদিকসকলে ধাৰাবাহিকভাৱে বাতৰি প্রচাৰ কৰাৰ পৰিপ্রেক্ষিতত স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই দুর্যোগৰ সময়ত বাহিৰৰ পৰা আহি তাঁতশিল্পৰ কর্মত জডিত হৈ থকা প্রতিগৰাকী শিপিনীক কিছু সহায়ৰ বাবে আগবঢ়ায় এহেজাৰ টকাকৈ টকা৷ শুৱালকুছিৰ পূব, মধ্য আৰু পশ্চিম এই তিনিখন পঞ্চায়তৰ অন্তর্গত ২৭০৭গৰাকী শিপিনীক উক্ত সাহায্য প্রদান কৰা হয়৷ ইয়াৰে পূব শুৱালকুছিত ৫৪০গৰাকী, মধ্য শুৱালকুছিত ১৪৪১ গৰাকী আৰু পশ্চিম শুৱালকুছিত ৭২৮ গৰাকী৷ তালিকাভুক্ত শিপিনীসকলক সংশ্লিষ্ট পঞ্চায়তৰ জৰিয়তে সাহায্য বিতৰণ কৰা হয়৷ মন্ত্রীগৰাকীৰ পৰা এহেজাৰ টকাৰ সাহায্য লাভ কৰি শিপিনীসকল উৎফুল্ল হৈ পৰে আৰু ক’ৰোনাৰ অতি ব্যস্ততাৰ মাজতো শিপিনীসকলৰ খা–খবৰ ৰাখি শিল্পটোৰ প্রতি দেখুওৱা সহমর্মিতাৰ বাবে মন্ত্রীগৰাকীক শিপিনীসকলে ভূয়সী প্রশংসা কৰে৷ লগতে ক’ৰোনাৰ যুদ্ধত যাতে মন্ত্রীগৰাকী সফল হয় তাৰ বাবেও তেওঁলোকে ভগৱানৰ ওচৰত প্রার্থনা জনায়