ভয়ংকৰ ! পুনৰ ৪৭ জনৰ দেহত ক’ভিড পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫৯৫ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৬ মেঃ ৰাজ্যত ভংয়কৰ ৰূপত বৃদ্ধি ঘটিছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । আজি পুৱা পুনৰ ৪৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
পৃথকীকৰণ কৰাৰ আগেয়েই তেওঁলোকৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে সৰ্বাধিক ২১ গৰাকী গোলাঘাটৰ, ৪ গৰাকী লখিমপুৰৰ, ৮ গৰাকী মৰিগাঁৱৰ, ৩ গৰাকী গোৱালপাৰা, এজন হোজাই, MMCH ৰ এজন, কাৰ্বি-আংলঙৰ ২ জন আৰু ৫ গৰাকী নগাঁৱৰ ৷
ইয়াৰ লগেলগে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৫ জনলৈ বৃদ্ধি পায় ৷
লগতে ৰাজ্যত সম্প্ৰতি ৫২৬ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷