সান্ধ্য আইনৰ মাজতে মার্ঘেৰিটাত নিশা পাৰ হয় শ শ কয়লা ট্রাক
নিয়মীয়া বাৰ্তা, ২৬ মেঃ দিহিং পাটকাইত কয়লা খননৰ অনুমতি দিয়াক কেন্দ্র কৰি ৰাজ্যত তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে তিনিচুকীয়াৰ পৰা চলিছে ক’লা হীৰাৰ বিয়াগোম চোৰাং কাৰবাৰ৷ সান্ধ্য আইনৰ মাজতো তিনিচুকীয়াৰ পৰা নিতৌ ১০০–২০০খনকৈ ট্ৰাকত সান্ধ্য আইনৰ মাজতে মার্ঘেৰিটাত নিশা পাৰ হয় শ শ কয়লা সৰবৰাহ হৈছে বেআইনীভাৱে খনন কৰা কয়লা৷
আৰক্ষী–প্রশাসন, ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত মাফিয়া বাহিনীৰ উদ্যোগত জিলাখনৰ কেইবাখনো সংৰক্ষিত আৰু প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ পিছত মুকলিকৈ অবৈধ কয়লাৰ বৃহৎ বেহা চলাই আছে ছিণ্ডিকেট বাহিনীয়ে৷ ছিণ্ডিকেট বাহিনীয়ে লকডাউনৰ সময়ত বলৱৎ কৰা সান্ধ্য আইন উলংঘা কৰি প্রতিদিনে মার্ঘেৰিটাৰ পৰা কয়লাভর্তি ড্রাক চালান দিয়াৰ বিনিময়ত কল্পনা কৰিব নোৱাৰা পৰিমাণৰ ধন সংগ্রহ কৰি আছে৷
অভিযোগ অনুসৰি, এগৰাকী ৰাজনৈতিক নেতাৰ অত্যন্ত ঘনিষ্ঠ গোবিন ছেত্রী আৰু সুনীল গুৰুং নামৰ দুজন ব্যক্তিয়ে এই ছিণ্ডিকেটৰ গুৰি ধৰিছে৷ তেওঁলোকে প্রতিখন কয়লা পৰিবাহী ড্রাকৰ পৰা সংগ্রহ কৰে ৩৫ হাজাৰৰ পৰা ৩৮ হাজাৰ টকা৷ জিলাখনৰ শীর্ষ আৰক্ষী–প্রশাসনিক বিষয়াৰ উপৰি তিনিখন থানা বিশেষভাৱে এই ক’লা কাৰবাৰৰ লগত জডিত হৈ আছে৷ লেখাপানী, লিডু আৰু মার্ঘেৰিটা থানাই নিয়মীয়াকৈ লাভ কৰা ধনৰ টোপোলাৰ বিনিময়ত ছিণ্ডিকেট বাহিনীক সর্বতোপ্রকাৰৰ ৰক্ষণাবেক্ষণ দি আহিছে৷ মার্ঘেৰিটা থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ জৰিয়তেই সকলো লেনদেন সম্পন্ন হয় বুলি জানিব পৰা গৈছে৷ উল্লেখৰ নিষ্প্রয়োজন যে খৰালি কালত তিনিওখন থানাৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বনুৱাই বনাঞ্চলৰ মাজত অবাধ খনন চলাইছিল৷
সেই সময়ত ৰাজ্যত গঢ়ি উঠা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদৰ বাবে কিছুদিন কয়লাৰ সৰবৰাহ বন্ধ হৈ আছিল৷ কিন্তু এতিয়া লকডাউনৰ সুযোগ লৈ পুনৰ দুগুণ গতিত আৰম হৈছে ক’লা হীৰাৰ ক’লা ব্যৱসায়৷ সন্ধিয়া হোৱাৰ লগে লগে মার্ঘেৰিটাৰ পৰা ডিগবৈৰ মাজেৰে দেখা যায় অভাৰলোডেড কয়লাভর্তি ড্রাকৰ লানি নিছিগা শাৰী৷ ইয়াৰে কিছুসংখ্যক ড্রাক গুৱাহাটী অভিমুখে অহাৰ বিপৰীতে আন কিছুমান গাডীত উজনিৰ ভিন্ন স্থানলৈ কয়লাৰ সৰবৰাহ কৰা হয়৷ মন কৰিবলগীয়া কথাটো হ’ল, লকডাউনৰ লগতে ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন৷ এই সময়ছোৱাত সাধাৰণ নাগৰিকৰ ৰাজপথত চলাচল সম্পূর্ণ নিষিদ্ধ৷
কিন্তু কয়লা ছিণ্ডিকেটৰ লগত জড়িত লোকসকল সর্বসাধাৰণৰ শাৰীত নপৰে৷ চৰকাৰৰ বৰঘৰৰ পৰা আৰম্ভ কৰি আৰক্ষী বিষয়াৰ পাকঘৰলৈ সকলোতে আছে তেওঁলোকৰ বিশেষ কদৰ৷ কাৰণ চৰকাৰী দা–দৰমহাৰ উপৰি ছিণ্ডিকেট বাহিনীৰ পৰা লাভ কৰা ধনেৰেই এইসকল লোকৰ বিলাসী জীৱন যাত্রা সম্ভৱ হৈ উঠিছে৷ ছিণ্ডিকেটৰ নায়কসকলৰ ক্ষেত্রত দেশৰ কোনো আইন–কানুন, নীতি–নিয়ম প্রযোজ্য নহয়৷ গোবিন–সুনীল বাহিনীৰ বাবে চৰকাৰৰ ওচৰত সাত খুন মাফ৷ উল্লেখ্য যে ক’ল ইণ্ডিয়াই যোৱা বছৰৰ ১ আগষ্টৰ পৰা পথেৰে কয়লাৰ সৰবৰাহ বন্ধ কৰি ৰাখিছে৷ একমাত্র ৰে’লযোগেহে ক’ল ইণ্ডিয়াৰ বৈধ কয়লাৰ সৰবৰাহ কৰা হয়৷ তাৰ পিছতো মার্ঘেৰিটাকে ধৰি উজনিৰ ৰাজপথত দেখা পোৱা শ শ কয়লাভর্তি ড্রাকে ৰাজ্যত চলি থকা বিশাল চোৰাং কাৰবাৰৰ স্বৰূপ নগ্ন ৰূপ উদঙাই দিছে৷ ইতিমধ্যে ৰাজ্যৰ ভূতত্ত্ব আৰু খনন বিভাগে বাৰম্বাৰ প্রতিবেদনৰ জৰিয়তে ৰাজ্য চৰকাৰক উজনিৰ বনাঞ্চলসমূহত চলি থকা কয়লাৰ অবৈধ খননৰ বিষয়টো অৱগত কৰি আহিছে৷
লেখাপানী, মার্ঘেৰিটা আদি থানাত কয়লা মাফিয়াৰ নামসহ এজাহাৰো দাখিল কৰিছে৷ ক’ল ইণ্ডিয়া কর্তৃপক্ষয়ো কেইবাখনো এজাহাৰ দাখিল কৰি বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছে৷ কিন্তু তাৰ পিছতো নিবোকা হৈ ৰ’ল অসম আৰক্ষী৷ যাৰ বাবে তিনিচুকীয়াৰ কয়লা ছিণ্ডিকেটৰ লগত দিছপুৰৰ প্রত্যক্ষ যোগসূত্র থকাৰ অভিযোগ উত্থাপন হৈছে৷ বাৰম্বাৰ সংবাদ মাধ্যমত তিনিচুকীয়াৰ কয়লা ছিণ্ডিকেটৰ বাতৰি প্রমাণসহ প্রকাশ পোৱাৰ পিছতো ৰাজ্য চৰকাৰখনে গ্রহণ কৰি অহা নির্লিপ্ত ভূমিকাই এই অভিযোগৰ সত্যতাকে প্রমাণ কৰিছে৷