হাজো–চাবুৱাৰ কাণ্ডক সাম্প্রদায়িক নকৰিবঃ DGP
নিয়মীয়া বাৰ্তা, ২৬ মেঃ হাজো আৰু চাবুৱাত সংঘটিত দুটা পৃথক ঘটনাত দুগৰাকী নিৰীহৰ মৃত্যু হোৱা বিষয়টো গুৰুত্বসহকাৰে লৈছে গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীৰ নির্দেশত চাবুৱাৰ আক্রমণৰ লগত জড়িত ১২গৰাকী লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷ হাজোৰ ঘটনাটোও প্রতি ঘণ্টাৰ মূৰে মূৰে নিৰীক্ষণ কৰি আছে মুখ্যমন্ত্রী সোণোৱালে৷
এক সংবাদ মেলত এই কথা প্রকাশ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ সংবাদ মাধ্যমক সম্বোধন কৰি ডিজিপি মহন্তই কয় যে চাবুৱাৰ কয়লাবাৰী নামৰ ঠাইত ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত কৰা এক নির্মাণকার্যৰ বাবে দুটা বিশেষ সম্প্রদায়ৰ মাজত সংঘাতৰ সূত্রপাত ঘটে৷ দুটা যুৱকৰ দল কাজিয়াত লিপ্ত হয় আৰু এই ঘটনাত দুজন যুৱক আহত হয়৷ পৰাগজ্যোতি নেওগ নামৰ আহত যুৱকজনৰ মৃত্যু হয়৷ এই ঘটনা সংক্রান্তত চাবুৱা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০/১২০ (বি)/১৪৭/১৪৮ আৰু ৩০২ ধাৰাৰ অধীনত ১০০/২০নং গোচৰটো ৰুজু কৰা হৈছে৷
ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজে উদ্যোগ লৈ হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ কঠোৰ নির্দেশ দিয়ে৷ তাৰ পাছতে আৰক্ষীয়ে ১২জন অভিযুক্তক গ্রেপ্তাৰ কৰে৷ ইফালে অনুৰূপ ঘটনা এটা যোৱা ২২ মে’ত সংঘটিত হৈছিল হাজোত৷ ২২ মে’ৰ দুপৰীয়া প্রায় ১২.৩০মান বজাত এটা দুর্ঘটনাক কেন্দ্র কৰি হোৱা আক্রমণৰ ঘটনাত এজন লোক আহত হৈছিল৷ এই লোকজনৰ ২৩ তাৰিখে মৃত্যু হয়৷ ইতিমধ্যে হাজো থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) আৰু ৩০২ ধাৰাৰ অধীনত ৪৮০/২০নং গোচৰটো ৰুজু কৰা হৈছে৷ ফাইজুল হক আৰু ইউচুদ্দিন আহমেদ নামৰ অভিযুক্ত দুজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে৷ আন তিনিজন অভিযুক্ত পলাতক অৱস্থাত আছে৷ ইয়াৰে এজনে অৱশ্যে আক্রমণৰ বলি হোৱা লোকজনক উদ্ধাৰ কৰি চিকিৎসাধীন কৰোৱাত আগভাগ লোৱা বুলি জানিব পৰা গৈছে৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতি ঘণ্টাৰ মূৰে মূৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু আন অভিযুক্তকেইজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ যিহেতু দুয়োজন ভুক্তভোগীয়ে অতি দুখীয়া পৰিয়ালৰ, গতিকে নিহত পৰাগজ্যোতি নেওগ আৰু সনাতন ডেকাৰ পৰিয়াললৈ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকা আগবঢ়োৱাৰ কথাও ডিজিপি ভাস্কৰজ্যোতি মহন্তই সদৰী কৰে৷
তেওঁ লগতে কয় যে দুয়োটা ঘটনাক লৈ হিন্দু–মুছলমান উভয় সম্প্রদায়ৰ কিছুসংখ্যক লোকে ছ’চিয়েল মিডিয়াযোগে সাম্প্রদায়িক ৰহণ সানিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহ সংক্রমণৰ সময়ত এনেধৰণৰ কাম–কাজ কেতিয়াও কাম্য নহয়৷ আৰক্ষীয়ে জাতি–ধর্ম অনুসৰি কোনো অভিযুক্তকে ৰেহাই নিদিয়ে৷ সকলো আক্রমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবই৷ গতিকে কোনো লোককে প্রৰোচনামূলক মন্তব্য নিদিবলৈ আৰক্ষী সঞ্চালকপ্রধানগৰা সকীয়াই দিয়ে৷