অসমৰ সমষ্টি পুনৰ নির্ধাৰণ কেন্দ্রক জাননী উচ্চতম ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা, ২৮ মেঃ অসমৰ সমষ্টি পুনৰ নির্ধাৰণৰ বিষয়টো গৈ পালে উচ্চতম ন্যায়ালয়ৰ মজিয়া৷ কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে যোৱা ৬ মার্চত এক অধিসূচনা যোগে ন্যায়াধীশ (অৱসৰপ্রাপ্ত) ৰঞ্জুলা প্রকাশ দেশাইৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিয়া সন্দর্ভত শেহতীয়াকৈ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল৷ এইক্ষেত্রত গোচৰীয়াই যুক্তি দর্শাইছে যে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণ হ’ব নোৱাৰে৷ কিয়নো বিগত সময়ছোৱাত ৰাজ্যৰ জনগাঁথনিত ব্যাপক পৰিৱর্তন হোৱাৰ লগতে জিলাৰো সংখ্যা বৃদ্ধি হৈছে৷ আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবয়ে নেতৃত্বাধীন এখন তিনিজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি এই সন্দর্ভত কেন্দ্রলৈ জাননী জাৰি কৰে৷ ইফালে লোকসভাৰ অধ্যক্ষই সমষ্টি পুনৰ নির্ধাৰণ আয়োগলৈ অসমৰ পাঁচ সাংসদ ক্রমে আব্দুল খালেক, পল্লৱ লোচন দাস, ৰাজদ্বীপ ৰয়, দিলীপ শইকীয়া আৰু নৱ কুমাৰ শৰণীয়াক সহযোগী সদস্য হিচাপে মনোনীত কৰিছে৷