পুনৰ ২৫ জনৰ দেহত ক’ৰোনাঃ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৮৫৬ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৮ মে’: ৰাজ্যত নতুনকৈ ২৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৩ জন কামৰূপ মেট্ৰ’ৰ, ৪ গৰাকী কাছাৰৰ, ৩ জন ধেমাজিৰ, ৩ জন বৰপেটাৰ, ২জন কোকৰঝাৰৰ।
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৫৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৭৬২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷