জামুগুৰিহাটত কোৱাৰেণ্টীনত থকা ৩২ যুৱকক মুকলি স্বাস্থ্য বিভাগৰ
নিয়মীয়া বাৰ্তা, ২৮ মে’: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট স্থিত বাৰেচহৰীয়া সাংস্কৃতিক ভৱনত থকা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আজি ৩২ জন যুৱকক নিজ গৃহলৈ যাবলৈ দিয়া হয় ।
উল্লেখ্য যে, যুৱককেইজনে কোৱাৰেণ্টাইনৰ নিৰ্দিষ্ট সময় সীমা সুস্থভাৱে অতিক্ৰম কৰিলে আৰু শেহতীয়া SWAB Test ত তেওঁলোক ক’ভিড -১৯ নিগেটিভ পোৱা গৈছিল ।
আজি যুৱককেইজনক মুকলি কৰি দিয়াৰ সময়ত সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি কয়- “মই আন্তৰিকতাৰে তেওঁলোকক অভিনন্দন জনাইছো । কেন্দ্ৰটো পৰিচালনাৰ সৈতে জড়িত সকলোকে মোৰ ধন্যবাদ থাকিল, সকলোৰে সহযোগিতাৰ বাবেহে এই উদাহৰণ যোগ্য পৰ্যায়টি অতিক্ৰম কৰিব পৰা গ’ল ।”
আনহাতে যুৱকসকলৰ প্ৰত্যেককে আঠুৱা,বিচনা চাদৰ, গাৰু- ৱাৰ, চাউল, দালি, মিঠাতেল, আলু, পিয়াঁজ, চাহপাত, মাস্ক, চেনিটাইজাৰ, কচূৱা, মমবাতি, চাবোন, টুঠ্পেষ্ট, টুঠ্ ব্ৰাছ, চাৰ্ফ সম্বলিত একোটাকৈ টোপোলা সহ বিদায় দিয়া হয় ।